পাণ আপোনাৰ প্ৰিয় নেকি ? পাণৰ উপকাৰিতাৰ বিষয়ে জানি আচৰিত হ'ব আপুনি 

Rashmi June 03, 2025

ডিজিটেল ডেস্ক : পাণ হয়তো সকলোৱে খায়। তামোল-পাণ খাই বহুতেই ভাল পায়। খাদ্য খোৱাৰ পিছত অসমীয়া প্ৰায়ভাগ লোকেই পাণ-তামোল খাবলৈ পচন্দ কৰে ৷ স্বাস্থ্যৰ ফালৰ পৰা পাণৰ পাত সৰ্বোত্তম বুলি গণ্য কৰা হয়। পাণ বহু ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি মাউথ ফ্ৰেছনাৰলৈকে সকলোকে ব্যৱহৃত হয় পাণ। আনহাতে পাণক আতিথ্যৰ প্ৰতীক বুলি কোৱা হয়। পাণ বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ। জানো আহক পাণৰ ঔষধি গুণসমূহৰ বিষয়ে 

১) পাণে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে। খালী পেটত পাণৰ পাত চোবাই খালে পাচনতন্ত্ৰ শক্তিশালী হয়। যদি আপোনাৰ বদহজম অথবা কোষ্ঠকাঠিন্য হয়, তেন্তে পাণ খালে উপশম পাব পাৰে। পাণে হজম শক্তিৰ লগত জড়িত সমস্যা নাইকিয়া কৰে ৷ পুৱা খালী পেটত নিয়মিতভাৱে পাণৰ পাত চোবাই খালে বহু লাভ হয়।

২) শৰীৰত আঘাত পালে সেই ঘা শুকোৱাতো পাণে সহায় কৰে। পাণত কেলচিয়াম, ভিটামিন চি, ৰাইবোফ্লেভিন, কেৰটিন, নিয়াচিন, ক্ল’ৰ’ফিলৰ লগতে এন্টিঅক্সিডেন্ট থাকে ৷ সঠিকভাৱে পাণ সেৱন কৰিলে শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰে৷

৩)পাণে কাহ আৰু চৰ্দিৰ দৰে সমস্যাও দূৰ কৰিব পাৰে। তুলসী, মৌ আৰু পাণ একেলগে খালে কাহ আৰু চৰ্দিৰ সমস্যাৰ পৰা উপশম পাব পাৰি।

৪) মূৰৰ বিষতো পাণ বহু উপকাৰী। যদি আপোনাৰ অত্যধিক মূৰৰ বিষৰ সমস্যা হৈ আছে তেন্তে পাণ খাব পাৰে। পাণে মূৰৰ বিষৰ সমস্যা দূৰ কৰে।

৫) পাণে কৰ্কট ৰোগৰ দৰে সমস্যাও দূৰ কৰে। নিয়মিত পাণ খালে কৰ্কট ৰোগৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি। পাণৰ ফেনোলিক সম্পৰ্কীয় যৌগবোৰে কৰ্কট কোষৰ বিকাশ হ্ৰাস কৰাৰ সহায়ক হয়।

Share This