MENU

ভৰলু নৈক পূৰ্বৰ দৰে ব'বলৈ দিয়াৰ ব্যৱস্থা কৰক

dainik janambhumi March 06, 2025

ডিজিটেল ডেস্ক: কেৱল ভৰলু নৈক পৰিষ্কাৰ কৰি তোলাই নহয় ইয়াক পূৰ্বৰ দৰে বোৱঁতী নৈ হিচাপে গঢ়ি তোলাটো 'ছেভ ভৰলু অভিযান'ৰ মূল লক্ষ্য। নিয়মীয়াকৈ চৰকাৰে ইয়াৰ পৰিষ্কাৰকৰণ আৰু বহলকৈ খনন কৰি ভৰলুখন ব'বলৈ দিলেই ইয়াৰ পানী পৰিষ্কাৰ হৈ পৰিব। যোৱা ৩ মাৰ্চত অসম বিধানসভাৰ অধিৱেশনত ভৰলু নৈৰ পৰিষ্কাৰ বিষয়ত উত্থাপন হোৱা প্ৰসংগত ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰে তেওঁলোকৰ উদ্দেশ্য তথা কাৰ্যপন্থাৰ কথা উল্লেখ কৰে। ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ আৰু সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰুৱাই ভৰলু নৈৰ পৰিষ্কাৰ বিষয়ত গুৰুত্ব বুজি সদনৰ মজিয়াত আলোচনা হোৱাৰ বাবে মন্ত্ৰী আৰু বিধায়কক ধন্যবাদ জনাই কয় যে যদিও মন্ত্রীয়ে এই নৈ কেইখন পৰিষ্কাৰ কৰা হৈ থাকে বুলি কৈছে, ভৰলুৰ বাহিৰে বাহিনী আৰু মৰাভৰলুত চাফাই কাৰ্য একেবাৰে শূন্য বা নামমাত্র। 

বিশেষকৈ আগৰ বিভাগীয় মন্ত্ৰী আৰু মেয়ৰে বাৰম্বাৰ ৰাজহুৱাকৈ ঘোষণা কৰা আৰু ধনৰ আবণ্টন হোৱাৰ পাছতো মৰাভৰলু আজিও একে অৱস্থাতে আৱৰ্জনাৰে পূৰ্ণ হৈ আছে। মন্ত্রী, মেয়ৰ, জি এম চিৰ বিষয়াই সাম্প্রতিক কালত কেৱল নৈ কেইখন পৰিষ্কাৰকৰণতে গুৰুত্ব দি আছে যদিও 'ছেভ ভৰলু অভিযান'ৰ লগতে গুৱাহাটীবাসীৰ ভৰলুৰ পুনৰ্জীৱিতকৰণৰ যি লক্ষ্য সেই বিষয়ে কোনেও ক'তো উল্লেখ নকৰাটো অতি পৰিতাপৰ বিষয়। নৈ কেইখন পৰিষ্কাৰকৰণ ভৰলুৰ পুনর্জীৱিতকৰণৰ এটা অংশহে, পুনৰুজ্জীৱিতকৰণত নৈখনক ব'বলৈ দিয়া, বহল আৰু পাৰিলে দ কৰাৰ লগতে প্ৰদূষণমুক্ত কৰাও সংযুক্ত হৈ আছে। 

নৈখন জীয়াই তোলাৰ প্ৰথম চর্ত হিচাপে আশীৰ দশকৰ মাজভাগতে বশিষ্ঠ চাৰিআলিৰ কালী মন্দিৰৰ দাঁতিত দিয়া অদৰকাৰী আৰু অকামিলা 'ভেটা ভাঙি' বাহিনী নৈখন ব'বলৈ দিলে কম সময়তে পানীৰ কেটোৰ ক'লা ৰংতো সলনি হ'ব, পানীৰ গুণাগুণো উন্নত হ'ব। পলমকৈ হ'লেও সদনত বিষয়টো উত্থাপিত হোৱাত 'ছেভ ভৰলু'ৱে সন্তোষ প্রকাশ কৰিছে আৰু অতি সোনকালে কালী মন্দিৰৰ দাঁতিৰ অকামিলা 'ভেটা' উঠাই তাত এখন আধুনিক শ্লুইচ গে'ট বহুৱাই বাহিনী নৈক আগৰ পথেৰে ব'বলৈ দিয়াৰ ব্যৱস্থা কৰি ভৰলু পুনৰুজ্জীৱিতকৰণৰ প্ৰথম খোজটো দিবলৈ মন্ত্ৰীগৰাকীক আহবান জনায়।

Share This