ডিজিটেল ডেস্ক : ৰাজ্যৰ গ্রামাঞ্চলসমূহত গঢ়ি উঠা ক্ষুদ্র ক্ষুদ্ৰ বজাৰসমূহে গ্রাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ লগতে অঞ্চলসমূহক এক ব্যাৱসায়িক কেন্দ্রস্থল হিচাপে গঢ় দিছে। এনে বজাৰতে গ্রামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ ঘৰতে উৎপাদিত সামগ্রী বিক্রী কৰি স্বাৱলম্বী হোৱাৰ সুযোগ পাইছে। ডাঙৰ ডাঙৰ চহৰ নগৰক ঢুকি নোপোৱা ভিতৰুৱা অঞ্চলৰ লোকসকলে গ্রামাঞ্চলত গঢ়ি উঠা এনে বজাৰসমূহতে নিজৰ প্ৰয়োজনীয় আৰু পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ লাভ কৰিছে। ব্যাৱসায়িক চহৰৰ পৰা বহুযোজন নিলগৰ এনে এখন বজাৰ হৈছে ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চামৰাং বজাৰ।
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিৰো পইণ্টত অৱস্থিত চামৰাং বজাৰে গ্রাম্য অর্থনীতিলৈ বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে দুয়োখন দেশৰ সীমান্তৱৰ্তী গঁঞাৰ ক্রয়-বিক্রয়ৰ সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। সপ্তাহৰ প্ৰতি শনিবাৰে অনুষ্ঠিত চামৰাং বজাৰত পুৱাই ভিৰ কৰে দুয়োদেশৰ ব্যৱসায়ীৰ লগতে গ্রাহকসকলে। অকল ব্যৱসায়েই নহয়, চামৰাং বজাৰ দুয়োখন দেশৰ নাগৰিকৰ বাবে সম্প্ৰীতিৰ মিলনভূমি হৈ উঠিছে। ভাৰত আৰু ভূটানৰ মৈত্ৰীৰ নিদৰ্শন চামৰাং বজাৰ আজিৰ পৰা প্রায় দুটা দশক পূর্বেই স্থাপন হৈছিল। অঞ্চলটোৰ একাংশ লোকৰ মতে, সেই সময়ত সীমান্তৱৰ্তী অঞ্চলটোত শিবিৰ পাতি থকা সশস্ত্র সংগঠন আলফাৰ কেডাৰসকলে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য যাৱতীয় বয়-বস্তু সংগ্ৰহৰ স্বাৰ্থত আলফাৰ সহযোগতে বজাৰখন মুকলি কৰা হৈছিল। এই সম্পর্কত কোনো নিশ্চিত তথ্য নাই যদিও অঞ্চলটো আলফা, এন ডি এফ বিকে ধৰি অন্যান্য সশস্ত্র সংগঠনৰ ট্রেনজিত ৰ'ড হোৱালৈ চাই আলফাৰ স্বাৰ্থতে সেই সময়ত চামৰাং বজাৰ স্থাপন হোৱা বিষয়টো নুই কৰিব নোৱাৰি। বহু বছৰ চামৰাং বজাৰে নিজৰ অৱস্থিতি জীয়াই ৰখাৰ পাছত ২০০৩ চনত ভাৰতীয় সেনাৰ দ্বাৰা ভূটানত চলা উগ্রপন্থী বিৰোধী অপাৰেশ্যন অলক্লিয়াৰৰ সময়ত বজাৰখন বন্ধ হৈ পৰে।
ভাৰতীয় সেনাই চামৰাং বজাৰত সশস্ত্র সংগঠনৰ সদস্যৰ অৱস্থিতিৰ দাবী তুলি বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। অপাৰেশ্যন অলক্লিয়াৰৰ পাছত অঞ্চলটোত উগ্ৰপন্থীৰ বিচৰণ আৰু উপস্থিতি শেষ হয় যদিও বজাৰখন তেনেকৈয়ে পৰিত্যক্ত হৈ পৰি থাকে। এনেদৰে দীর্ঘদিন পৰিত্যক্ত হৈ থকা চামৰাং বজাৰে কিছুবছৰ পূৰ্বৰ পৰা পুনৰ থিয় দি নিজৰ গৌৰৱগাথা সোঁৱৰাই আহিছে। ভূটানৰ পৰা নামি অহা খৰশ্রোতা চামৰাং নৈৰ মোহনাত এক নৈসর্গিক প্রাকৃতিক পৰিৱেশৰ মাজত চামৰাং বজাৰ সগৌৰৱে থিয় দি আছে। আজিও সপ্তাহৰ প্রতি শনিবাৰে নিজৰ উৎপাদিত আলু, কচু, আদা, হালধি লৈ চামৰাং বজাৰলৈ নামি আহে ভূটিয়া ব্যৱসায়ী। পুহমহীয়া জাৰত ভূটিয়াৰ উণৰ কাপোৰৰ উমেই সুকীয়া।
ভূটীয়াসকলৰ ঊণৰ কাপোৰ, আদা, হালধি, কচু ক্রয় কৰে সীমান্তত থকা ভাৰতীয় লোকে। সীমান্তৰ সীপাৰৰ পৰা অহা ভূটীয়াই চামৰাং বজাৰৰ পৰা ক্ৰয় কৰে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে মাংস, জোতা, ছেণ্ডেল আৰু নিত্য ব্যৱহাৰ্য সামগ্রী। এনেদৰেই দুই দেশৰ নাগৰিকৰ মাজত বয়-বস্তুৰ আদান- প্রদান আৰু হিয়া দিয়া নিয়া চলি আহিছে ভাৰত-ভূটান সীমান্তৰ জিৰো পইণ্টৰ নেউলি, চামৰাং আৰু ভূটান পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত জিলিকি থকা চামৰাং বজাৰত।