ভুৱনেশ্বৰ-লণ্ডনলৈ মাজুলীৰ জৰা-কাজি নেমু……
Dainik Janambhumi
July 30, 2024
ডিজিটেল ডেস্কঃ মাজুলীৰ ম’হকিনা তিনি আলিস্থিত ‘মাজুলী মীন শিল্প সমবায় সমিতি’ৰ উদ্যোগত ২৯জুলাই তাৰিখে কাজি আৰু জৰা নেমু ভুৱনেশ্বৰ আৰু লণ্ডনলৈ ৰপ্তানি কৰা হয়৷ ‘নাফেদ’ সমবায়-সমিতিৰ তত্ত্বাৱধানত আজি বাণিজ্যিক গোট CTRANৰ জৰিয়তে মাজুলীৰ ম’হকিনা তিনিআলিৰ পৰা কাজি আৰু জৰা নেমু লণ্ডন আৰু ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰা হয়৷ মাজুলীৰ বিভিন্ন প্ৰান্তত চলিত বৰ্ষত অত্যধিক কাজি আৰু জৰা নেমু উৎপাদন হোৱাত নেমু উৎপাদনকাৰীয়ে পানীৰ দৰত নেমু বিক্ৰী কৰি আছে৷
মাজুলীত পৰ্যাপ্ত পৰিমাণে এইবাৰ নেমু উৎপাদন হোৱাৰ খবৰ লাভ কৰি মাজুলীৰ মীন শিল্প সমবায় সমিতিয়ে মাজুলীৰ বিভিন্ন প্ৰান্তৰৰ পৰা কাজি আৰু জৰা নেমু সংগ্ৰহ কৰিছে৷ মাজুলীৰ মীন শিল্প সমবায় সমিতিৰ অধ্যক্ষ মুকুল হাজৰিকাৰ নেতৃত্বত মাজুলীৰ বিভিন্ন প্ৰান্তৰৰ পৰা কৃষক, গোট আদিৰ পৰা কাজি আৰু জৰা নেমু সংগ্ৰহ কৰে৷ মীন শিল্প সমবায় সমিতিখনে প্ৰতিটো নেমুৰ বাবত কৃষকক এটকাৰ পৰা তিনি টকা পৰ্যন্ত প্ৰদান কৰি উক্ত নেমুসমূহ সংগ্ৰহ কৰিছে৷
বাণিজ্যিক প্ৰতিষ্ঠান CTRANৰ জৰিয়তে ইংলেণ্ড আৰু ভুৱনেশ্বৰলৈ উক্ত নেমুসমূহ ব্যৱসায় কৰিবলৈ কালি প্ৰেৰণ কৰিছে৷ মীন শিল্প সমবায় সমিতিখনে কালি তিনিশ কিল’গ্ৰাম নেমু ভুৱনেশ্বৰলৈ আৰু পাঁচশ কিল’গ্ৰাম নেমু লণ্ডনলৈ প্ৰেৰণ কৰিছে৷ কালি বিয়লি পাঁচ বজাত ম’হকিনা তিনিআলিৰ মাজুলী মীন শিল্প সমবায় সমিতিৰ কাৰ্যালয় আৰু কমলাবাৰী চাৰিআলিৰ পৰা পৃথকে পৃথকে কাজি নেমুখিনি লণ্ডনলৈ প্ৰেৰণ কৰে৷মাজুলীৰ পৰা কালি নেমুখিনি গুৱাহাটীলৈ দুখন গাড়ীৰে লৈ গৈছে৷
বাণিজ্যিক প্ৰতিষ্ঠান CTRANৰ জৰিয়তে কালি নেমুখিনি গুৱাহাটীৰ পৰা কলকাতালৈ লৈ যাব আৰু তাৰপিছত লণ্ডনলৈ প্ৰেৰণ কৰিব৷ মাজুলী মীন শিল্প সমবায় সমিতিৰ অধ্যক্ষ মুকুল হাজৰিকাই কালি জনোৱা মতে, কালিৰ পৰা নিয়মিতভাৱে মাজুলীৰ পৰা কাজি আৰু জৰা নেমু লণ্ডনলৈ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰিছে৷
Share This