ভাড়াতীয়াৰ কন্যাৰ সৈতে তাৰকা ক্ৰিকেটাৰৰ ৰোমাঞ্চকৰ প্ৰেম কাহিনী ; কোন এই তাৰকা ক্ৰিকেটাৰ ?

Rashmi April 17, 2025

ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলা বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে খেলপথাৰত য়ৰ্কাৰ আৰু ছুইঙৰ বাবে সামাজিক মাধ্যমত বহু চৰ্চিত। তেওঁৰ ব্যক্তিগত জীৱনটোও সমানেই আকৰ্ষণীয়। ভুৱনেশ্বৰ কুমাৰ আৰু তেওঁৰ পত্নী নূপুৰৰ প্ৰেম কাহিনীটো চিনেমাতকৈও কম নহয় য’ত শৈশৱৰ এক নিৰীহ বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ সম্পৰ্কলৈ পৰিণত হৈছিল।

ভুৱনেশ্বৰ কুমাৰৰ ঘৰ মীৰুটত। এবাৰ বদলিযোগ্য চাকৰি থকা নূপুৰৰ পিতৃক মীৰুটত পোষ্ট কৰা হৈছিল। নূপুৰৰ পিতৃয়ে মীৰুটত ভাড়াঘৰ বিচাৰি আছিল। সেই অনুসন্ধানত তেওঁ ভুৱনেশ্বৰৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁৰ ঘৰলৈ আহি নূপুৰৰ পিতৃৰ ভাড়াঘৰৰ সন্ধানৰ অন্ত পৰিল।

সেই একেখন ঘৰতে প্ৰথমবাৰৰ বাবে নূপুৰ আৰু ভুৱনেশ্বৰ লগ হৈছিল। তেতিয়া ভুৱীৰ বয়স ১৩ বছৰ আৰু নূপুৰৰ বয়স ১১ বছৰ। ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ বন্ধুত্ব, যিটো সময়ৰ লগে লগে প্ৰেমলৈ ৰূপান্তৰিত হ’ল।

নূপুৰে এক সাক্ষাৎকাৰত কয় যে ঘৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক ভুৱীক সদায় তেওঁৰ আৰ্ম ছুইঙেৰে বলিং কৰা দেখি আহিছোঁ। ল’ৰা-ছোৱালীয়ে কেৱল খেলা বয়সত ভুৱীয়ে ক্ৰিকেটৰ প্ৰেমত পৰিছিল আৰু নূপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ ভেটিও শক্তিশালী হৈ আহিছিল। 

ভুৱীয়ে কয় যে নূপুৰৰ পৰিয়ালে বহু বছৰ ভাড়াতীয়া হিচাপে তেওঁৰ ঘৰত থাকিছিল। তাৰ পিছত পিতৃয়ে তেওঁলোকৰ ঘৰৰ পৰা ২ মিনিটৰ দূৰত্বত নিজাকৈ ঘৰ সাজিছিল। ভুৱীৰ ভাড়াতীয়াসকল নিশ্চয়কৈ নিজৰ নতুন ঘৰলৈ স্থানান্তৰিত হ’ল। কিন্তু তেওঁৰ কন্যা নূপুৰ পিছত ঘৰৰ মালিকৰ ল’ৰাটোৰ লগত বিয়া হৈ একেখন ঘৰৰ বোৱাৰী হৈ পৰিল। ঘৰৰ মালিকৰ সেই পুত্ৰ হ’ল ভুৱনেশ্বৰ কুমাৰ।

সময়ৰ লগে লগে এই বন্ধুত্ব গভীৰ সম্পৰ্কলৈ পৰিণত হ’ল আৰু দুয়োজনে বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ভুৱনেশ্বৰ আৰু নূপুৰৰ এই কাহিনীটোৱে যে প্ৰকৃত প্ৰেমে সময়, দূৰত্ব আৰু পৰিস্থিতিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তাৰ এক ডাঙৰ উদাহৰণ। ক্ৰিকেট খেলপথাৰত ভুৱীৰ সফলতা যিমানেই প্ৰেৰণাদায়ক, সিমানেই সুন্দৰ তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰেম কাহিনী।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This