উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ধমকি দিয়া ছাত্ৰ নেতাৰ বৃহৎ জয়

dainik janambhumi February 14, 2026

ডিজিটেল ডেস্ক : ভাৰত-বিৰোধী মন্তব্য কৰি ইছলামিক মৌলবাদৰ প্ৰচাৰ কৰা বাংলাদেশৰ ছাত্ৰ-নেতা হছনত আব্দুলা বাংলাদেশৰ ত্রয়োদশ সংসদীয় নির্বাচনত বিপুল সংখ্যক ভোট লাভ কৰি বিজয়ী হয়। নেশ্যনেল চিটিজেন পাৰ্টিৰ (এন চি পি) নেতা তথা ছাত্ৰ-বিক্ষোভৰ অন্যতম হোতা এই আব্দুলাই ভাৰতৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰি বাংলাদেশৰ লগত চামিল কৰাৰ ধমকি দিছিল। 

এন চি পিৰ নেতা হছনত আব্দুলাই কৌমিলা-৪ সংসদীয় সমষ্টিৰ পৰা জাতীয় সংসদলৈ নির্বাচিত হয়। বৃহস্পতিবাৰে হোৱা নিৰ্বাচনত আব্দুলাই ১ লাখ ৬০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হয়। আব্দুলাই বি এন পিৰ সমৰ্থিত প্রার্থী মহম্মদ এ জছীমক পৰাস্ত কৰে। 

উল্লেখযোগ্য যে দেশখনত ২০২৪ চনৰ আগষ্টত হোৱা ছাত্ৰ-বিক্ষোভৰ অন্যতম হোতা আছিল এই আব্দুলা। আনহাতে, তেওঁৰ দল এন চি পিয়ে জামাত-এ-ইছলামীৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Share This