৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী

dainik janambhumi October 07, 2025

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ বাবে দুটা পর্যায়ত ৬ আৰু ১১ নৱেম্বৰত নির্বাচন অনুষ্ঠিত হ'ব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। ৰাজ্যখনত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ১৬ নৱেম্বৰৰ ভিতৰত অন্ত পৰিব। মুখ্য নির্বাচন আয়ুক্তজনে সংবাদমেলত কয়, 'বিহাৰত দুটা পৰ্যায়ত ক্রমে ৬ আৰু ১১ নৱেম্বৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোট গণনা ১৪ নৱেম্বৰত কৰা হ'ব।' তেওঁ লগতে কয়, 'প'ষ্টেল বেলটৰ গণনা ভোট গণনাৰ অন্তিম দুটা পৰ্যায়ৰ আগতে কৰাটো বাধ্যতামূলক কৰা হৈছে।' ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত ১২১টা বিধান সমষ্টিত আৰু দ্বিতীয় পর্যায়ত ১১ নৱেম্বৰত ১২২টা বিধান সমষ্টিত ভোট গ্রহণ কৰা হ'ব। কুমাৰে কয়, 'বিহাৰৰ নির্বাচন সকলো নির্বাচনৰে উদাহৰণ হ'ব।' তেওঁ কৰা ঘোষণা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম তাৰিখ হ'ল ১৭ অক্টোবৰ আৰু মনোনয়ন-পত্ৰ পৰীক্ষা ১৮ অক্টোবৰত কৰা হ'ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ। ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ'ল ২০ অক্টোবৰ আৰু ইয়াৰ পিছদিনাই মনোনয়ন-পত্রসমূহ পৰীক্ষা কৰা হ'ব। 

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হ'ল ২৩ অক্টোবৰ। উল্লেখযোগ্য যে ৰাজ্যখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব। মুখ্য নির্বাচন আয়ুক্তজনে প্ৰকাশ কৰা মতে, বিহাৰত এইবাৰ মুঠ ৭.৪২ কোটি ভোটাৰে ভোটদান কৰিব। ইয়াৰ ভিতৰত ৩.৯২ কোটি পুৰুষ আৰু ৩.৫০ কোটি মহিলা ভোটাৰ। কুমাৰে প্ৰকাশ কৰা মতে, এইবাৰ ১৪ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। কুমাৰে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ (এছ আই আৰ) বিষয়ে উল্লেখ কৰি কয় যে কোনো ভোটাৰৰ নাম ভোটাৰ তালিকাত বাদ পৰিলে মনোনয়ন-পত্র দাখিল আৰম্ভ হোৱা
তাৰিখৰ পৰা ১০ দিনৰ আগতে নিজৰ নাম অন্তর্ভুক্ত কৰিব পাৰিব। 

তেওঁৰ মতে, বিহাৰ বিধানসভাৰ নিৰ্বাচন কেৱল ভোটাৰৰ বাবে অতি সুগম আৰু সৰল হোৱাই নহয়, কেৱল আইন-শৃংখলা ব্যৱস্থাক সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি থকাই নহয়, সম্পূৰ্ণৰূপে স্বচ্ছভাৱে এই নির্বাচন অনুষ্ঠিত হ'ব আৰু আটাইতকৈ ভাল নির্বাচনৰূপে যাতে পৰিগণিত হয় নির্বাচন আয়োগে এই লক্ষ্য লৈছে। নির্বাচনত সকলো ৰাজনৈতিক দলসহ সকলোৰে সহযোগিতা কামনা কৰে। কুমাৰে কয় যে নির্বাচন আয়োগে এইবুলি অতি কঠোৰ নিৰ্দেশ জাৰি কৰিছে যে কোনোধৰণৰ হিংসাক সহ্য কৰা নহ'ব। মুখ্য নির্বাচন আয়ুক্তজনে লগতে কয় যে ভুৱা বাতৰি, অপপ্ৰচাৰ তথা উৰা বাতৰিত নির্বাচন আয়োগে সতর্ক দৃষ্টি ৰাখিব। তেওঁ কয় যে ১৭টা নতুন পদক্ষেপ বিহাৰৰ পৰা আৰম্ভ হৈ সমগ্র দেশতে কাৰ্যকৰী কৰা হ'ব। ইয়াক এক ঐতিহাসিক পদক্ষেপ বুলি গণ্য কৰা হ'ব।

Share This