বিহাৰক 'মাওবাদমুক্ত' ৰাজ্য ঘোষণা, শীর্ষ মাওবাদী নেতা সুৰেশ কোড়াৰ অস্ত্ৰ সম্বৰণ

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক : বিহাৰক 'মাওবাদমুক্ত' ৰাজ্য হিচাপে ঘোষণা কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে। ৰাজ্যখনত বুধবাৰে শীর্ষ মাওবাদী নেতা সুৰেশ কোড়া, ওৰফে মুস্তাকিমে অস্ত্র সম্বৰণ কৰাৰ পাছতে আৰক্ষীয়ে এই ঘোষণা কৰে। উল্লেখযোগ্য যে কোড়াৰ মূৰৰ বিনিময়ত ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, প্রায় ৬০টাকৈ গুৰুতৰ অপৰাধৰ ঘটনাত অভিযুক্ত কোড়াই বুধবাৰে মুংগেৰ জিলাত আৰক্ষীৰ এছ টি এফৰ ওচৰত আত্মসমর্পণ কৰে। 

তেওঁ তিনিটা ৰাইফল, শতাধিক অস্ত্র-শস্ত্র আৰু বিস্ফোৰক সামগ্ৰীৰ লগতে কিছু পৰিমাণৰ নগদ ধনো আৰক্ষীৰ ওচৰত জমা দিয়ে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা 'আত্মসমর্পণ ছাহ পুনর্বাস যোজনা'ৰ অধীনত তেওঁক ৮ লাখ টকা প্রদান কৰাৰ লগতে মাহে ১০ হাজাৰ টকাকৈ দিয়া হ'ব। 

তদুপৰি ৩৬ মাহৰ বাবে কাৰিকৰী প্রশিক্ষণ প্ৰদান কৰা হ'ব। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে কোড়াৰ অস্ত্ৰ সম্বৰণৰ লগে লগে ৰাজ্যখনত মাওবাদীৰ সকলো নেটৱৰ্ক ধ্বংস হৈ যোৱাৰ লগতে মাওবাদমুক্ত হৈ পৰিল।

Share This