ডিজিটেল ডেস্কঃ যোৱা ছেপ্টেম্বৰ মাহত উত্তৰ প্ৰদেশ সন্ত্রাসবাদ-বিৰোধী স্কোৱাডে গ্রেপ্তাৰ কৰা সন্ত্রাসবাদী বিলাল খানে (৩৪) নিৰাপত্তা বাহিনীৰ তিনি দিনীয়া ব্যাপক জেৰাত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।
অনুসন্ধানকাৰী সংস্থাসমূহে প্রকাশ কৰা মতে, বিলালে প্রায় ৪০০০টা পাকিস্তানী ফ'ন নম্বৰৰ সৈতে নিয়মীয়াকৈ সংযোগ ৰক্ষা কৰিছিল আৰু ভাৰতীয় উপ-মহাদেশৰ আল-কায়দাৰ পাকিস্তান ভিত্তিক হেণ্ডলাৰক ভাৰতৰ বিভিন্ন তথ্য যোগান ধৰি আহিছিল। ভাৰতত আল-কায়দাৰ কুটাঘাতমূলক কার্য সংঘটিত কৰাৰ বাবে বিলালক পোনপটীয়াকৈ নির্দেশ দিছিল পাকিস্তানী হেণ্ডলাৰে।
উল্লেখযোগ্য যে বিলাল খানক যোৱা ১৫ ছেপ্টেম্বৰত এ টি এছে ছাহাৰনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।