এম বি বি এছৰ পৰীক্ষা বাতিল বি জে মেডিকেল কলেজৰ

dainik janambhumi June 16, 2025

ডিজিটেল ডেস্ক: আহমেদাবাদৰ পৰা উৰা মাৰি মাত্ৰ কেইমিনিটমান পাছতেই বি জে মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰি দুৰ্ঘটনাগ্রস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানে মেডিকেল কলেজৰ আৱসিক শিক্ষার্থীসকলক ক্ষতি কৰিছে।

কর্তৃপক্ষই সকলো এম বি বি এছ শিক্ষাৰ্থীৰ চলিত আৰু সমাগত গোট পৰীক্ষা বাতিল কৰিছে। কলেজখনে লগতে সকলো অধ্যাপক আৰু চিকিৎসকৰ বাবে গ্রীষ্ম বন্ধ বাতিল কৰে আৰু বিমান দুর্ঘটনাত আঘাতপ্রাপ্তসকলৰ শুশ্রূষা কৰিবলৈ নিৰ্দেশ দিয়ে।

এম বি বি এছ চিকিৎসককে ধৰি ২০০ শিক্ষার্থীয়ে ইতিমধ্যে হোষ্টেল খালী কৰি ঘৰলৈ উভতিছে। দুর্ঘটনাৰ সময়ত উপস্থিত থকা ৪০ শিক্ষার্থীৰ মানসিক স্বাস্থ্য সবল নহয়। পৰীক্ষাসমূহ পাছত অনুষ্ঠিত হ'ব বুলি কর্তৃপক্ষই প্রকাশ কৰে।

Share This