ডিজিটেল ডেস্ক : আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূর্বে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি ডিব্ৰুগড়ৰ মানকটা মৈদানত অনুষ্ঠিত এখন বিশাল পৃষ্ঠাপ্রমুখ সন্মিলন সম্বোধন কৰে। ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিৰ ২২,০০০-ৰৰো অধিক পৃষ্ঠাপ্রমুখে এই সন্মিলনত অংশগ্ৰহণ কৰে। যিটো ৰাষ্ট্ৰীয় দলটোৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে মিলি নীতিন নবীনে নির্বাচনৰ বাবে দলৰ দৃষ্টিভংগী আৰু কৰ্মপদ্ধতিৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ নির্বাচনী সফলতা নিশ্চিত কৰাত বুথ পৰ্যায়ৰ নেতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্রত্যেক বুথ প্রমুখক নিজ নিজ এলেকাত অন্ততঃ ৬০জন ভোটাৰৰ সৈতে ব্যক্তিগতভাৱে সংযোগ স্থাপন কৰি ৰাইজৰ সৈতে সম্পর্ক সবল কৰিবলৈ তেওঁ নির্দেশ দিয়ে। কর্মীসকলক সম্বোধন কৰি নবীনে বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত এটা স্পষ্ট পার্থক্য দাঙি ধৰে।
তেওঁ কয়, 'আমি কংগ্ৰেছৰ দৰে নহয়, বিজেপিৰ নীতি হৈছে প্রথমে দেশ, তাৰ পাছত দল।' তেওঁ লগতে দাবী কৰে যে বিজেপিয়ে 'শূন্য দুর্নীতি'ৰ নীতি কঠোৰভাৱে অনুসৰণ কৰে। তেওঁ আৰু অভিযোগ কৰে যে কংগ্ৰেছৰ শাসন ক্ষমতা প্রয়োগৰ 'নীতি, অভিপ্রায় আৰু সামর্থ্য' নাই আৰু তেওঁলোক কেৱল 'ভোট বেংক ৰাজনীতি'ত লিপ্ত। নবীনে কয়, 'কংগ্রেছে অসমক ভোট বেংকৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছিল। বিজেপিৰ ওচৰত নীতি, অভিপ্রায় আৰু সামর্থ্য আছে আৰু আমি ৰাইজৰ মাজত কাম কৰি আছোঁ।' আমাৰ লগত নীতি আছে, সদিচ্ছা আছে আৰু আমাৰ লগত প্রধানমন্ত্রী মোদী, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দৰে সক্ষম নেতৃত্ব আছে বুলি তেওঁ কয়। ভাষণত এটা স্পষ্ট কর্মসম্পাদনৰ মান নির্ধাৰণ কৰি বিজেপি প্রধানজনে ৰাজ্যৰ প্রত্যেকটো বুথতে কমেও ৫০ শতাংশ ভোট লাভ কৰিবলৈ কর্মীসকলক নির্দেশ দিয়ে। ইয়াক বিজয়ৰ বাবে লক্ষ্য হিচাপে ব্যাখ্যা কৰি তেওঁ বুথ পৰ্যায়ৰ সংগঠন সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে দলটোরে প্রত্যেক ভোটগ্রহণ কেন্দ্রত এই সীমা অতিক্ৰম কৰিব পাৰে, যিটো একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে এক গুৰুত্বপূৰ্ণ মাপকাঠী হ'ব। তেওঁ কয় যে অসমক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে হৃদয়ত স্থান দিছে। অসমৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে। অসম কেতিয়াও তল নপৰে, অসমৰ এই যাত্ৰা ৰুদ্ধ নহয়, এই সংকল্পবে অসম আগবাঢ়ি যাব লাগিব আৰু তাৰ বাবে কৰ্মীসকলক আহ্বান জনায়। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ এনে এক যুগান্তকাৰী জয় কৰাবলৈ তেওঁ কর্মীসকলক আহ্বান জনায়, যাতে ই সমগ্র দেশবাসীৰ বাবে এক দৃষ্টান্ত দাঙি ধৰে। নবীনে সাংস্কৃতিক সংৰক্ষণ আৰু দ্রুত উন্নয়নৰ দলটোৰ দ্বৈত গুৰুত্ব আৰোপ কৰে। অসমৰ স্বকীয় পৰিচয় ৰক্ষাৰ গুৰুত্ব বুজাই তেওঁ লাচিত মৈদাম, বিহু, মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ঐতিহ্য আৰু স্থানসমূহৰ কথা উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে সাংস্কৃতিক সংৰক্ষণ আৰু অর্থনৈতিক অগ্রগতি হাতত ধৰাধৰিকৈ আগবাঢ়িব লাগে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত অভূতপূর্ব উন্নয়নৰ যুগ আৰম্ভ হোৱাৰ বাবে প্রশংসা কৰে। তেওঁ পথ আৰু পৰিবহণ আন্তগাঁথনি সম্প্ৰসাৰণ, নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, স্বাস্থ্য সেৱাৰ উন্নতি, শিক্ষানুষ্ঠানসমূহ শক্তিশালীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্যৰ তালিকা দাঙি ধৰে। লগতে গ্রামোন্নয়ন আৰু দাৰিদ্র্য দূৰীকৰণ প্ৰকল্প, মহিলা সবলীকৰণ আৰু যুৱ কর্মসংস্থান অভিমুখী কর্মসূচীৰ বাবেও তেওঁ চৰকাৰৰ ভূয়সী প্রশংসা কৰে।
অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ সমৰ্থন কৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে মুখ্যমন্ত্রী শর্মালৈ ভূমিপুত্র জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে 'বাংলাদেশী অনুপ্রৱেশকাৰী'ৰ বিৰুদ্ধে চলি থকা অভিযান অসমীয়া লোকৰ অধিকাৰ ৰক্ষাৰ বাবে আৰু ইয়াৰ ৰাজনৈতিক প্রভাৱ ৰাজ্যখনৰ বাহিৰলৈকে পশ্চিম বংগ আৰু কেৰালাতো পৰিছে। সন্মিলনৰ শেষত একত্রিতভাৱে কর্মীসকলক আগবাঢ়ি যোৱাৰ আহ্বান জনোৱা হয় আৰু দলৰ নেতাসকলে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ প্রত্যয় প্রকাশ কৰে।