বিজেপিৰ জিলা সভাপতিয়ে নাপায় নিৰ্বাচনৰ টিকট, স্পষ্ট কৰিলে মুখ্যমন্ত্রীয়ে

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : বিজেপিৰ জিলা সভাপতিসকলে প্রার্থিত্বৰ আশা নকৰাই ভাল বুলি কালি স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। যিসময়ত বহু কেইগৰাকী জিলা সভাপতিয়ে প্রার্থিত্বৰ আশাত সমষ্টিত কাম কৰি আছে, তেওঁলোকৰ আশাত চেঁচাপানী ঢালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'জিলা বিজেপিৰ সভাপতিসকলে টিকটৰ আশা নকৰিলে ভাল পাম। ক'ৰবাত এজনৰ ক্ষেত্ৰত যদি দলে সিদ্ধান্ত ল'ব লগীয়া হয় সেয়া বেলেগ কথা। তেওঁলোকক পদবী দিয়াৰ সময়তে কৈছিলোঁ, আপোনালোকে টিকট নিবিচাৰিব। পিছত এম পি ইলেকশ্যনত বিচাৰিব পাৰিব, সেয়েহে কোনেও যাতে নিবিচাৰে।' অৱশ্যে ক'ৰবাত দুই-এজন সকলোতে ব্যতিক্রম থাকে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। 

ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্রত্যাহ্বান জনালেও শিৱসাগৰত নিৰ্বাচন খেলিবলৈ নাযায় মুখ্যমন্ত্রী ড° শর্মাই। কালি এই কথা স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'অখিল গগৈক হৰুৱাবলৈ দলৰ বহুত কার্যকর্তা আছে। তেওঁলোকে ভাবিব আমি আছোঁৱেই, দাদা আকৌ কিয় আহিব লাগে। আমাৰ দলৰ ৫-৬ জন আছে, সেইসকলেই অখিল গগৈক হৰুৱাবলৈ যথেষ্ট।' আনহাতে শিৱসাগৰত মোৰ ঘৰ নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'শিৱসাগৰত মই নির্বাচন খেলিবলৈ ৫টা বছৰে তাত একো কামেই কৰা নাই। তাত নির্বাচন খেলিবলৈ কাম কৰিব লাগিব। জিকি অহাৰ পাছত যদি সমষ্টিলৈ মই সঘনে যাব নোৱাৰোঁ তেনেহ'লে সমষ্টিৰ ৰাইজে বেয়া পাব। গতিকে শিৱসাগৰৰ কথা মই নাভাবো। তাত মই খেলিলে ৰাইজক ঠগোৱা হ'ব, সেয়েহে গুৱাহাটীত থাকিম। আনহাতে বিজেপিত টিকট প্রত্যাশীৰ ভিৰ হৈছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- 'টিকট প্রত্যাশীৰ ভিৰ হোৱা যেন মোৰ লগা নাই, কিছুমান সমষ্টিত এজনেই আছে, কিছুমানত দুজনতকৈ অধিক লোক নাই। বিগত ১০ বছৰত আমাৰ এনেকুৱা সুস্থিৰ পৰিস্থিতি হৈছে যে অসমৰ আধাতকৈ বেছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী এজনেই আছে।' অৱশ্যে দহ-বাৰটা সমষ্টিত বহু কেইগৰাকী প্রার্থী থাকিব পাৰে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ স্পষ্ট মন্তব্য- '৫০টা সমষ্টিত আজিও প্রার্থী ঘোষণা কৰিব পৰাকৈ বিজেপি সাজু হৈ আছে। বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আৱেদন নলওঁ, আমাৰ বুথৰ পৰা আৰম্ভ কৰি এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে সিদ্ধান্ত লোৱা হ'ব। কেইবাটাও প্রক্রিয়া আছে, তাৰে এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে টিকট দিয়া হ'ব। নাম চিনাক্ত কৰিব কাৰ্যকৰ্তাই, আমাৰ দলত নির্বাচন খেলিম বুলি খেলিব নোৱাৰে। ত্ৰিপুৰা, ঝাৰখণ্ডতো মই নিজে আছিলোঁ, তাতো তেনেকুৱা হৈছে। টিকটৰ বিনিময়ত বিজেপিত টকা লোৱা নহয়। বেলেগ দলেহে ৫০-২৫ হাজাৰ টকা লয়।' কংগ্ৰেছ আৰু ৰাইজৰ দলে টিকটৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যক কটাক্ষ কৰি ড° শৰ্মাই কয়, 'টিকটৰ নামতে কংগ্রেছে ৩-৫ কোটি টকাকৈ সংগ্ৰহ কৰি আছে। ২২-২৩ টা সমষ্টিত টিকটৰ বিনিময়ত এডভান্স লৈছে। 

আনকি কংগ্রেছ নেতাই ঘৰত বিয়া পাতিবলৈও প্রার্থিত্ব প্রত্যাশীৰ পৰা টকা লৈছে। মিঞা সমাজৰ দুর্ভাগ্য যে মিঞাসকলে কংগ্রেছক ভোটো দিব লাগে, টকাও দিব লাগে কিন্তু উচ্ছেদ হ'লে তেওঁলোকে সহায় নকৰে। বিপদৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ ওচৰত নাথাকে।' ইফালে কংগ্রেছত আজিও এজেন্ট থকাৰ কথা ব্যক্ত কৰি ড° শর্মাই কয়, 'কংগ্রেছত থাকোঁতে যিবোৰ লোক মোৰ লগত মন্ত্ৰী আছিল, বিধায়ক আছিল। তেওঁলোকেই মোৰ এজেন্ট। ইফালে অগপৰ সৈতে আসন বুজাবুজি সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়, 'আসন বুজাবুজিক লৈ অগপৰ লগত বিজেপিৰ সভাপতিয়ে কথা পাতি আছে। অগপই বহু কেইটা সমষ্টি বিচাৰিছে, যি কেইটা সমষ্টি বিজেপিয়েও বিচাৰিছে। এই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আমি সমাধান কৰি ল'ম। বিচৰাত আপত্তি নাই, কিন্তু সকলো বস্তুত বিচাৰিলেইতো নাপায়। ইফালে ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ধার্য কৰিলে ১৫ ফেব্ৰুৱাৰীত টিকট আৰু আসনৰ ভাগ-বাটোৱাৰা চূড়ান্ত হৈ যাব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Share This