মমতাক ৰুধিবলৈ বিজেপিৰ ১.৩ লাখ হোৱাটছএপ গ্রুপ

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ সূচী আজি নির্বাচন আয়োগে যোষণা কৰিলে। অহা ২৩ আৰু ২৯ এপ্রিলত দুটা পর্যায়ত ৰাজ্যখনত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ (টি এম চি) শাসনক ওফৰাবলৈ বিভিন্ন নির্বাচনী কৌশল প্রস্তুত কৰিছে। ৰাজ্যখনৰ মমতা বেনার্জীৰ টি এম চিক অপসাৰণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বিজেপিৰ কেন্দ্রীয় ৰাজ্যিক নেতাসকল উঠি-পৰি লাগিছে। পশ্চিম বংগত এইবাৰ বিজেপিয়ে বিশেষ নির্বাচনী ৰণকৌশলেৰে প্রচাৰ অভিযানত নামিছে। প্রধানমন্ত্রী মোদীয়ে নেতৃত্ব লোবা এই প্ৰচাৰ অভিযানত ১.৩ লাখ হোৱাটছএপ গ্রুপে ক্ষেত্রভিত্তিক নির্বাচনী ৰেহ-ৰূপত চোকা নজৰ ৰাখিছে এই ১.৩ লাখ হোৱাটছএপ গ্ৰুপৰ জৰিয়তে।

বিজেপিয়ে পশ্চিম বংগৰ জনতাক দিয়া নির্বাচনী প্রতিশ্রুতিসমূহ আলোকপাত কৰি ২০ ছেকেণ্ডৰ ভিডিঅ' ক্লিপ প্রস্তুত কৰিছে। বিজেপিৰ অভ্যন্তৰীণ সূত্রই প্রকাশ কৰা মতে, বর্তমানৰ মমতা বেনাৰ্জীৰ চৰকাৰখনৰ প্রতি ৰাজ্যখনৰ চৰকাৰী চাকৰিয়াল আৰু মধ্যবিত্ত শ্রেণীৰ ভোটাৰৰ
মাজত থকা অসন্তুষ্টিক সমাধানৰ বাবে বিজেপিয়ে নির্বাচনী প্রতিশ্রুতি দিব, যাতে সেই শ্ৰেণীৰ ভোটাৰক বিজেপিৰ প্রতি আকর্ষিত কৰিব পাৰে। আনহাতে, যোৱা ছেপ্টেম্বৰৰ পৰা পশ্চিম বংগৰ বাবে বিজেপিৰ প্ৰভাৰী ভূপেন্দ্র যাদৱে কেইবাবাৰো ৰাজ্যখন ভ্রমণ কৰিছে। এই ভ্রমণৰ সময়তে বিজেপিয়ে এই বিশেষ নির্বাচনী ৰণকৌশল প্রস্তুত কৰে।

এই হোৱাটছএপ গ্রুপবোৰে পশ্চিম বংগৰ অঞ্চলবিশেষে তৃণমূল পর্যায়ত উন্নয়নৰ দিশত থকা আসোঁৱাহসমূহ বাছি লৈ সেইবোৰ আলোকপাত কৰি ভোটাৰৰ মাজত ভিডিঅ' ক্লিপৰ জৰিয়তে প্রচাৰ কৰিছে। ৰাজ্যিক বিজেপিৰ এজন জ্যেষ্ঠ নেতাই প্রকাশ কৰা মতে, এইবাৰ পশ্চিম বংগত বিজেপিৰ নির্বাচনী প্রচাৰ পূর্বতকৈ পৃথক হ'ব। তৃণমূল কংগ্রেছৰ ১৫ বছৰীয়া শাসনত প্রতিষ্ঠান-বিৰোধী ঢৌক বিশেষভাৱে ব্যবহাৰ কৰিব বিজেপিয়ে। টি এম চিয়ে চৰকাৰী কর্মচাৰীক অধিকাৰৰ পৰা বঞ্চিত কৰা, ৰাজ্যখনৰ মধ্যবিত্ত শ্রেণীক প্রৱঞ্চনা আৰু বিশেষকৈ ভোটবেংকৰ বাবে বাংলাদেশী অনুপ্রৱেশকাৰীক প্রাধান্য দিয়া আদি মূল নির্বাচনী ইছ্যু হিচাপে পশ্চিম বংগত এইবাৰ নির্বাচনী যুঁজত অৱতীর্ণ হ'ব বিজেপিয়ে।

Share This