ডিজিটেল ডেস্ক : পাঁচখন ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচনত আজি তিনিখনত ক্ষমতাৰ পৰিৱৰ্তন হয়। বিজেপি তথা এন ডি এই অসমৰ উপৰি পশ্চিম বংগ আৰু পুডুচেৰীত ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছে কেৰালাত দহ বছৰৰ পাছত ক্ষমতা দখল কৰে। আনহাতে, তামিলনাডুত ডি এম কেৰ শাসনৰ অন্ত পৰাটো নিশ্চিত হৈ পৰে। কিন্তু পাঁচখন ৰাজ্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল পশ্চিম বংগৰ নির্বাচন। ৰাজ্যখনত বিজেপিয়ে এক ধুমুহাৰ সৃষ্টি কৰি দুই শতাধিক আসনত জয়লাভ কৰে। ইয়াৰ লগে লগে ১৯৮০ চনত গঠন হোৱা বিজেপিয়ে দেশৰ আধাতকৈ অধিক জনসংখ্যাক শাসন কৰা তথা ৪৬ বছৰৰ ভিতৰত বিজেপি তথা এন ডি এই দেশৰ ৭০% তকৈ অধিক জনসংখ্যাক শাসন কৰাটো নিশ্চিত হৈছে। ইয়াৰ লগতে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্রদেশ, ৰাজস্থান, গুজৰাটৰ পাছত এতিয়া পশ্চিম বংগৰ দৰে ডাঙৰ ৰাজ্য এতিয়া বিজেপিৰ শাসনৰ অধীনলৈ গ'ল। আজি পশ্চিম বংগত জয়লাভ কৰাৰ পাছত দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২২খনত বিজেপি তথা এন ডি এই ক্ষমতা দখল কৰে।
মন কৰিবলগীয়া যে বিজেপিয়ে মিজোৰামক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বিজেপি তথা এন ডি এৰ চৰকাৰ আছে। দেশৰ ৰাজধানী দিল্লীৰ উপৰি উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, ছট্টিশগড়, হাৰিয়ানা, ওড়িশা, গুজৰাট, অসম, গোৱা, অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, নগালেণ্ড, মণিপুৰ, ছিকিম, মেঘালয় আৰু মণিপুৰত বিজেপি তথা এন ডি এৰ চৰকাৰ আছে। আনহাতে, বিৰোধী ইণ্ডিয়া মর্চা এতিয়া ক্ষমতাত আছে মাত্র ছখন ৰাজ্যতহে। এসময়ত সমগ্র দেশত ক্ষমতাত থকা দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্রেছ হিমাচল প্রদেশ, তেলেংগানা, কর্ণাটক আৰু কেৰালাত ক্ষমতাত আছে।
জম্মু আৰু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স, ঝাৰখণ্ডত জে এম এমৰ নেতৃত্বৰ চৰকাৰ আছে। আনহাতে, পঞ্জাবত আম আদমি পার্টি শাসনত আছে। আনহাতে, ইণ্ডিয়া মর্চাই নির্বাচনত এখন ৰাজ্য হেৰুৱালে। তামিলনাডুত ডি এম কে মৰ্চাৰ পৰাজয়ৰ পাছত বিজয়ৰ নেতৃত্বৰ টি ভি কেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে যদিও চৰকাৰ গঠনৰ বাবে আন দলৰ সহায়ৰ প্ৰয়োজন হ'ব। ইফালে, পাঁচখন ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলে ৰাজ্য সভাৰ আসনৰ সমীকৰণো সলনি কৰিব। ৰাজ্য সভাত বিজেপিৰ আসনৰ সংখ্যা অধিক বৃদ্ধি পাব।