'শ্বাহ-নক্য' নীতিৰে বংগত বিজেপিৰ ছুনামি

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক : দেশৰ ৫খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। এইবাৰ নির্বাচনত অসম আৰু পশ্চিম বংগত ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) অভূতপূর্ব জয়লাভ কৰে। বিশেষকৈ যোৱা ১৫ বছৰে তৃণমূল কংগ্ৰেছৰ (টি এম চি) শক্তিশালী দখলত থকা পশ্চিম বংগত অভূতপূর্ব সফলতা লাভ কৰে বিজেপিয়ে। শেহতীয়াকৈ বিহাৰৰ লগতে পশ্চিম বংগত বিজেপিয়ে লাভ কৰা অভূতপূর্ব বিজয়ৰ মূল স্থপতি হিচাপে উদ্ভাসিত হৈছে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। 'শ্বাহ-নক্য' নীতিৰ আধাৰত বিজেপিয়ে ৰাজ্য দুখনত গুৰুত্বপূর্ণ সাংগঠনিক সফলতা লাভ কৰিবলৈ সক্ষম হয়। 

শেহতীয়াকৈ পশ্চিম বংগত অমিত শ্বাহৰ সাংগঠনিক কৌশল-নীতিয়ে বিজেপিক মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ সক্ষম হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্রচাৰৰ প্ৰধান 'মুখ' হিচাপে কাম কৰাৰ সময়তে অমিত শ্বাহৰ 'চাণক্য-ষ্টাইল' সূক্ষ্ম সূক্ষ্ম ব্যবস্থাপনা আৰু কৌশলগত নির্বাচনী নীতিয়ে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ আঞ্চলিক শক্তিক চুৰমাৰ কৰিলে। অমিত শ্বাহে পূৰ্বৰ পৰাই বিজেপিৰ ২০২৬ চনৰ নিৰ্বাচনী কৌশলত গুৰুত্বপূর্ণ ভূমিকা লৈছে। সমগ্র প্রচাৰ অভিযানত কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে বিজেপিয়ে ২০০খন আসন অতিক্রম কৰিব বুলি পূর্বানুমান কৰিছিল। পশ্চিম বংগত দীর্ঘ সময় বাহৰ পাতি শ্বাহে বিজেপিৰ নিৰ্বাচনী প্রচাৰৰ তদাৰক কৰিছিল। ব্যক্তিগতভাবে শ্বাহে কেইবাখনো গুৰুত্বপূর্ণ ঠাইত ৰ'ড শ্ব' কৰিছিল। শিলিগুৰি আৰু বেবেকপুৰৰ দৰে অঞ্চলত সফলতাৰে জনসভা সম্বোধন কৰি স্থানীয় শাসন ব্যৱস্থা, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বাংলাদেশী অনুপ্ৰবেশৰ দৰে পশ্চিম বংগৰ সমস্যাৰ বিষয়ত ভোটাৰৰ মনোযোগ আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্রক্রিয়াত কৌশলগত গুরুত্ব প্রদান কৰি অমিত শ্বাহে পশ্চিম বংগৰ ভোট বিন্যাসত পৰিবৰ্তন আনিছিল। ৰাজনৈতিক ছিন্ডিকেটৰ পৰা পশ্চিম বংগক মুক্ত কৰাৰো অংগীকাৰ লৈছিল অমিত শ্বাহে। নির্বাচনী বিশ্লেষকসকলৰ মতে, অমিত শ্বাহৰ নেতৃত্বই আজিৰ তাৰিখত প্ৰমাণ কৰি দেখুৱাইছে যে বিজেপিৰ নিৰ্বাচনী কার্যকুশলতাই প্রতিকূল আৰু বিপৰীত পৰিস্থিতিতো জয়ী হ'ব পাৰে। 

পশ্চিম বংগত মটুৱা সম্প্রদায়ক 'কা'ৰ অধীনত নাগৰিকত্ব দিয়া, বাংলাদেশী অনুপ্রবেশকাৰীক বিতাৰণৰ প্ৰক্ৰিয়াৰ প্রতিশ্রুতি আৰু পশ্চিম বংগক ভয়-ভীতিৰ ৰাজনীতিৰ পৰা মুক্ত কৰাৰ অমিত শ্বাহে সংকল্প লোৱাৰ বাবেই ৰাজ্যখনত বিজেপিৰ ঐতিহাসিক বিজয় হ'ল বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে।

Share This