তিনি ৰাজ্যত প্ৰদৰ্শন কৰিব টি এম চি, এল ডি এফ, ডি এম কেৰ বিধায়কৰ দুৰ্নীতি-ব্যৰ্থতাৰ সমষ্টিভিত্তিক 'চার্জশ্বীট', বিজেপিয়ে চলাব 'এ আই' নির্বাচনী প্ৰচাৰ

dainik janambhumi February 28, 2026

ডিজিটেল ডেস্ক: দেশৰ পাঁচ ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) বিশেষ নির্বাচনী ৰণ-কৌশল প্ৰস্তুত কৰিছে। অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বহুস্তৰীয় সামাজিক মাধ্যম ৰণ-কৌশল ৰচনা কৰিছে বিজেপিয়ে। কেন্দ্রত শাসনত থকা দলটোৱে ইতিমধ্যে এই অত্যাধুনিক প্ৰচাৰ অভিযানৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত লৈছে। 

বিজেপিয়ে পৰিকল্পনা কৰা মতে, কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) নীতিগত ব্যৱহাৰৰ জৰিয়তে বিশেষকৈ তিনিখন ৰাজ্যত সমষ্টি-ভিত্তিক 'অভিযোগনামা' (চার্জশীট) দাখিলৰ কৌশল অৱলম্বন কৰিব। পশ্চিম বংগ, কেৰালা আৰু তামিলনাডুত বিৰোধী দলৰ পূৰ্বৰ বিধায়কসকলৰ বিৰুদ্ধে থকা অভিযোগৰ সমষ্টি-ভিত্তিক চার্জশীট এ আইৰ জৰিয়তে প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিব বিজেপিয়ে। তিনিওখন ৰাজ্যৰ বৰ্তমানৰ শাসক দলটোৰ শাসন-ব্যৱস্থাক লক্ষ্য কৰি বিজেপিয়ে সমষ্টি-ভিত্তিক প্ৰচাৰ অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে। 

বিৰোধী দলবোৰৰ শাসিত পশ্চিম বংগ, তামিলনাডু আৰু কেৰালাত বিজেপি সম্পূর্ণ আক্রমণাত্মক হ'ব। টি এম চি, ডি এম কে আৰু এল ডি এফৰ ৰাজ্য চৰকাৰকেইখনৰ ব্যৰ্থতাক উদঙাই দিয়াৰ কৌশল লৈছে বিজেপিয়ে। কিন্তু এন ডি এৰ শাসিত অসম আৰু পুডুচেৰীক লৈ বিজেপিৰ ৰণ-কৌশল পৃথক হ'ব। অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু পুডুচেৰীৰ এন ডি এৰ চৰকাৰৰ পক্ষে ৰক্ষণাত্মক ভূমিকা ল'ব, য'ত দুয়োখন ৰাজ্য চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ কৃতিত্বৰ খতিয়ান দাঙি নির্বাচনী প্রচাৰ চলাব বিজেপিয়ে। 

আনহাতে, এই অভূতপূর্ব প্ৰচাৰ অভিযানত বিজেপিয়ে এ আইৰে সৃষ্ট উচ্চ-পর্যায়ব কনটেন্ট (বিষয়বস্তু) ইনষ্টাগ্রাম বীল, ইউটিউবৰ ভিডিঅ' আৰু এ আইৰে সৃষ্ট ষ্ট'ৰীৰ জৰিয়তে প্ৰচাৰ কৰিব। বিৰোধীৰ শীর্ষ নেতাসকল, যেনে- পশ্চিম বংগৰ মমতা বেনার্জী, তামিলনাডুৰ এম কে ষ্টালিন আৰু কেৰালাৰ পিনায়াৰী বিজয়নৰ দৰে নেতাসকলৰ নীতি আৰু কাৰ্যপন্থাৰ বিষয়ত সমালোচনামূলক ব্যংগাত্মক ভিডিঅ' প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। অৱশ্যে, নীতিগত ব্যৱহাৰ এই এ আইসৃষ্ট বিষয়বস্তুবোৰত সু-নিশ্চিত কৰিব বিজেপিয়ে। 

'দীপফেক' আৰু ভুল তথ্যৰ বিষয়ত বর্ধিত বিতৰ্কৰ বিষয়ত সজাগ হৈ দলটোৱে এটা কঠোৰ নীতিগত প্রট'কল মানি চলিব বুলি বিজেপিৰ সূত্রই প্রকাশ কৰিছে। প্রতিটো এ আই সৃষ্ট ভিডিঅ'ত এটা স্পষ্ট 'ডিছক্লেইমা'ৰ থাকিব বুলি দলটোৱে প্রকাশ কৰে। পশ্চিম বংগত ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাব বিজেপিয়ে। তৃণমূল কংগ্ৰেছৰ বিধায়কৰ প্ৰতিটো সমষ্টিক বৰ্তমানৰ কাৰ্যকালত সংঘটিত হোৱা দুর্নীতি আৰু ব্যর্থতাক উদঙাই দিয়াৰ পৰিকল্পনা কৰা হৈছে। 

তদুপৰি, মহিলাৰ সুৰক্ষা, দুর্নীতি আৰু সংখ্যালঘুক তুষ্টিকৰণ আদি বিষয়ত তৃণমূলৰ বিধায়কৰ বিৰুদ্ধে তথ্যগত অভিযোগনামা দাখিলৰ পৰিকল্পনাও কৰিছে বিজেপিয়ে। ঠিক সেইদৰে তামিলনাডু আৰু কেৰালাত বৰ্তমানৰ শাসকীয় বিধায়কসকলৰ বিৰুদ্ধেও অভিযোগনামা প্রস্তুত কৰিব বিজেপিয়ে। ৰাজ্যকেইখনৰ স্থানীয় আৱেগক প্রতিফলিত কৰিব পৰাকৈ আঞ্চলিক ভাষা, উপভাষাতে এই বিষয়বস্তুবোৰ প্ৰস্তুত কৰিব কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব লোৱা দলটোবে।

Share This