ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভাৰ নির্বাচনত অভূতপূর্ব সফলতাৰ পাছত এইবাৰ পশ্চিম বংগত ক্ষমতা দখলৰ বাবে বিজেপিয়ে পৰিকল্পনা কৰিছে।
তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুৰ্গ হিচাপে পৰিচিত পশ্চিম বংগৰ বিভিন্ন অঞ্চলত খোপনি পুতিবলৈ বিজেপিয়ে প্রচেষ্টা চলাই আছে। বিজেপিয়ে পশ্চিম বংগত এটা যাত্ৰা উলিওৱাৰ বাবে প্রস্তুতি চলাইছে।
এই যাত্রা পশ্চিম বংগৰ বিভিন্ন অঞ্চলৰ পৰা আহি কলকাতাত সমাপ্ত হ'ব। এই যাত্ৰাৰ জৰিয়তে বিজেপিয়ে পশ্চিম বংগৰ জনসাধাৰণক তৃণমূল কংগ্ৰেছৰ 'অপশাসন'ৰ বিষয়ত সজাগ কৰিব আৰু বুথ স্তৰৰ আৰম্ভ কৰি জিলা পৰ্যায়লৈকে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিব।