ডিজিটেল ডেস্ক: নির্বাচন আয়োগে দেওবাৰে অসম, কেৰালা, তামিলনাডু, পশ্চিম বংগ- এই চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে সমীক্ষা সংস্থা মেট্রিজ-আই এ এন এছে এক অপিনিয়ন প'ল প্রকাশ কৰে।
সমীক্ষাৰ মতে অসমত বিজেপিৰেই চৰকাৰ থকাৰ সম্ভাৱনা আছে। আনহাতে, পশ্চিম বংগত পুনৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ হ'ব পাৰে। তামিলনাডুত শাসক ডি এম কে-নেতৃত্বাধীন মর্চাতকৈ এ আই এ ডি এম কে আৰু বিজেপিৰ মৰ্চাই বেছি আসন পোৱাৰ সম্ভাৱনা দেখুওৱা হৈছে। মেট্রিজৰ অপিনিয়ন প'ল মতে অসমৰ মুঠ ১২৬খন আসনৰ ভিতৰত শাসক বিজেপি-নেতৃত্বাধীন মৰ্চাই লাভ কৰিব ৯৬-৯৮খন আসন। এই সমীক্ষাৰ মতে এন ডি এ মর্চাই ৪৩-৪৫ শতাংশ ভোট লাভ কৰিব।
অসমত কংগ্রেছ-নেতৃত্বাধীন মর্চাই পাব ২৬-২৮খন আসন আৰু উক্ত মর্চাই ৩৯-৪০ শতাংশ ভোট লাভ কৰিব। অন্যান্যই পাব ২-৮খন আসন আৰু তেওঁলোকে ১৮-২০ শতাংশ ভোট লাভ কৰিব। পশ্চিম বংগত মুঠ ২৯৪খন আসনৰ ভিতৰত তৃণমূল কংগ্ৰেছে লাভ কৰিব ১৫৫-১৭০খন আসন। দলটোৱে ৪১-৪৩ শতাংশ ভোট লাভ কৰিব। ইয়াৰ বিপৰীতে বিজেপিৰ সম্ভাৱনা আছে ১১০-১১৫খন আসনৰ। অৱশ্যে বিজেপিয়ে লাভকৰা ভোটৰ অংশ তৃণমূলতকৈ বেছি ৪৩-৪৫ শতাংশ। এই সমীক্ষাত অন্যান্য ৫-৭খন আসন আৰু ১৩-১৫ শতাংশ ভোট পাব বুলি কোৱা হৈছে।
কেৰালাত শাসক এল ডি এফে ৬১-৭২খন, কংগ্রেছ-নেতৃত্বাধীন ইউ ডি এফে ৫৮-৬৯খন আৰু বিজেপিয়ে ০-২খন আসন পোৱাৰ সম্ভাৱনা দেখুওৱা হৈছে। তামিলনাডুত শাসক ডি এম কে-নেতৃত্বাধীন মর্চাই ১০৪-১১৪খন আসন পাব। আনহাতে, এ আই এ ডি এম কে আৰু বিজেপিৰ মৰ্চাই পাব ১১৪-১২৭খন আসন। অভিনেতা বিজয় টি ভি কেই ৬-১২ আৰু অন্য দলে ১-৬খন আসন পোৱাৰ সম্ভাৱনা আছে।