কাজিৰঙাত চলিত বর্ষত ১৫সংখ্যক গঁড় গণনা হ'বনে?

Dainik Janambhumi October 24, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ বিপন্ন এশিঙীয়া গঁড়ৰ অন্যতম প্রধান বিচৰণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চল। বিশ্বত বন্য অৱস্থাত থকা এশিঙীয়া গঁড়ৰ প্ৰায় ৮০ শতাংশই অসমত পোৱা যায় বুলি প্রকাশিত তথ্যত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সর্বাধিক সংখ্যক গঁড়ৰ বাসস্থান। অসমৰ ৰাজ্যিক জন্তু হিচাপে পৰিচিত এই আপুৰুগীয়া বন্য প্রাণীটোৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু জনসংখ্যাৰ সঠিক স্থিতি নিৰ্ণয়ৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে কাজিৰঙাত বিজ্ঞানসন্মত আৰু পদ্ধতিগতভাৱে বিভাগীয় গঁড় গণনা সম্পন্ন কৰা হয়। 


সেই অনুসৰি, ২০২৬ চনতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ১৫ সংখ্যক বিভাগীয় গঁড় গণনা সম্পন্ন হ'ব লাগে। কিন্তু চলিত বৰ্ষৰ অক্টোবৰ মাহৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ পাছতো এই গুৰুত্বপূৰ্ণ গণনাৰ বাবে বন বিভাগৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা প্রকাশ পোৱা নাই। ফলত চলিত বর্ষতে গঁড় গণনা সম্পন্ন হ'বনে নাই, তাক লৈ প্রকৃতিপ্রেমীৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ২০২২ চনৰ ২৫ মাৰ্চৰপৰা ২৮ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে ১৪সংখ্যক বিভাগীয় গঁড় গণনা সম্পন্ন কৰা হৈছিল। উক্ত গণনাৰ ফলাফল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুঠ ২,৬১৩টা এশিঙীয়া গঁড়ৰ উপস্থিতি ধৰা পৰিছিল। ইয়াৰ পূৰ্বে ২০১৮ চনত অনুষ্ঠিত হোৱা বিভাগীয় গঁড় গণনাত উদ্যানখনত মুঠ ২,৪১৩টা গঁড় পোৱা গৈছিল। অর্থাৎ ২০১৮ চনৰ তুলনাত ২০২২চনৰ গণনাত কাজিৰঙাত গঁড়ৰ সংখ্যা ২০০টা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। এই পৰিসংখ্যাই কাজিৰঙাত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত চলি থকা প্রচেষ্টা আৰু গঁড়ৰ জনসংখ্যাৰ পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰিছিল। 

২০২২চনৰ বিভাগীয় গণনাত গঁড়সমূহক বয়সভিত্তিকভাৱে ভাগ কৰি তথ্য সংগ্ৰহ কৰা হৈছিল। সেই অনুসৰি, ছবছৰৰ ঊর্ধ্বৰ পূৰ্ণবয়স্ক গঁড়ৰ সংখ্যা আছিল ১,৬৭০টা। তিনি বছৰৰ পৰা ছবছৰ বয়সৰ গঁড়ৰ সংখ্যা আছিল ৩৬৫টা। আনহাতে, এবছৰৰ পৰা তিনি বছৰ বয়সৰ গঁড়ৰ সংখ্যা ২৭৯টা আৰু এবছৰীয়া গঁড়ৰ সংখ্যা ১৪৬টা বুলি বিভাগীয় তথ্যত প্রকাশ পাইছিল। গঁড়ৰ বয়সভিত্তিক এনে পৰিসংখ্যাই কেৱল মুঠ সংখ্যা নির্ধাৰণতে সীমাবদ্ধ নাথাকি উদ্যানখনত গঁড়ৰ প্ৰজনন, পোৱালিৰ জীয়াই থকাৰ হাৰ আৰু ভৱিষ্যতৰ জনসংখ্যাৰ সম্ভাব্য গতিধাৰা সম্পর্কেও ধাৰণা লাভ কৰাত সহায় কৰে বুলি প্রাণী বিজ্ঞানীয়ে মত প্রকাশ কৰে। ২০২২ চনৰ গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বনাঞ্চলত গঁড়ৰ উপস্থিতিৰ ক্ষেত্ৰতো উল্লেখযোগ্য পার্থক্য পৰিলক্ষিত হৈছিল। বিভাগীয় তথ্য অনুসৰি, কঁহৰা বনাঞ্চলত সর্বাধিক ১,২২১টা গঁড় পোৱাৰ বিপৰীতে বাগৰি বনাঞ্চলত ১,০৪৯টা, অগৰাতলি বনাঞ্চলত ১৭৭টা আৰু বুঢ়াপাহাৰ বনাঞ্চলত ১৬৬টা গঁড় পোৱা গৈছিল। এই পৰিসংখ্যাই কাজিৰঙাৰ বিভিন্ন বনাঞ্চলত গঁড়ৰ বিচৰণ, বাসস্থানৰ উপযোগিতা আৰু সংৰক্ষণ ব্যৱস্থাপনাৰ গুৰুত্বক প্রতিফলিত কৰে। বন বিভাগৰ প্ৰচলিত কৰ্মসূচী অনুসৰি, প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঁড়ৰ বিভাগীয় গণনা অনুষ্ঠিত কৰা হয়। সেই হিচাপত ২০১৮ চনৰ পাছত ২০২২ চনত গণনা সম্পন্ন হৈছিল আৰু পৰৱৰ্তী গণনা ২০২৬চনত অনুষ্ঠিত হোৱাৰ কথা। এইবাৰ গণনা সম্পন্ন হ'লে সেয়া হ'ব কাজিৰঙাৰ ১৫সংখ্যক বিভাগীয় গঁড় গণনা। কিন্তু গণনাৰ বাবে এতিয়ালৈকে আনুষ্ঠানিক কাৰ্যসূচী ঘোষণা নকৰা বিষয়টোৱে প্ৰক্ৰিয়াটো সময়মতে সম্পন্ন হোৱাক লৈ

অনিশ্চয়তাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ২০২৬ চনৰ গঁড় গণনাৰ সন্দৰ্ভত অসম চৰকাৰৰ বন্য প্রাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ পৰা এতিয়ালৈকে কোনো নির্দেশনা লাভ কৰা নাই। গঁড় গণনাৰ দৰে এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন কৰিবলৈ কেৱল এটা নির্দিষ্ট দিন ঘোষণা কৰিলেই নহয়। ইয়াৰ বাবে আগতীয়াকৈ বিভিন্ন পৰ্যায়ৰ প্ৰস্তুতি, ক্ষেত্রভিত্তিক পৰিকল্পনা আৰু প্ৰশাসনিক সমন্বয়ৰ প্ৰয়োজন হয়। উদ্যানখনৰ বিভিন্ন বনাঞ্চলত গণনাৰ ব্যৱস্থা কৰা, বনকর্মী আৰু আন সংশ্লিষ্ট লোকসকলক দায়িত্ব প্রদান, গণনাৰ পদ্ধতি নিৰ্ধাৰণ, প্রয়োজনীয় সা-সঁজুলি আৰু অন্যান্য ব্যৱস্থাপনা নিশ্চিত কৰাৰ লগতে সমগ্ৰ কাৰ্যসূচী সুশৃংখলভাৱে পৰিচালনা কৰাৰ বাবে পর্যাপ্ত সময়ৰ প্ৰয়োজন। বিশেষকৈ কাজিৰঙাৰ দৰে বিশাল আৰু জৈৱ-বৈচিত্র্যৰে সমৃদ্ধ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সঠিক সংখ্যা নির্ধাৰণ কৰাটো এক জটিল ক্ষেত্রভিত্তিক কাম। সেয়েহে বিজ্ঞানসন্মত পদ্ধতিৰে নিৰ্ভৰযোগ্য তথ্য সংগ্ৰহৰ বাবে আগতীয়া পৰিকল্পনা আৰু সংশ্লিষ্ট বনাঞ্চলসমূহৰ মাজত সমন্বয় অতি প্রয়োজনীয়। সময়মতে প্ৰস্তুতি আৰম্ভ নহ'লে গণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা নির্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো কঠিন হৈ পৰিব পাৰে বুলি পূৰ্বৰ গঁড় গণনাকাৰীয়ে জানিবলৈ দিয়ে। 

ইফালে, ২০২৬ চন শেষ হ'বলৈ এতিয়া মাত্র দুমাহৰো কিছু বেছি সময় বাকী আছে। এনে পৰিস্থিতিত যদি শীঘ্ৰে বিভাগীয় অনুমতি আৰু নির্দেশনা লাভ কৰি প্ৰয়োজনীয় প্রস্তুতি আৰম্ভ কৰা নহয়, তেন্তে চলিত বৰ্ষৰ ভিতৰতে গঁড় গণনা সম্পন্ন কৰাটো সম্ভৱ হ'বনে নাই, তাক লৈ সন্দেহৰ অৱকাশ প্ৰকাশ কৰিছে প্রকৃতিপ্রেমীয়ে। অৱশ্যে এই সন্দৰ্ভত বন বিভাগৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক সিদ্ধান্ত প্রকাশ পোৱা নাই। সেয়েহে গণনা পিছুৱাই যোৱাৰ সম্ভাৱনাৰ বিষয়ে এতিয়াই নিশ্চিতভাৱে ক'ব পৰা নাযায়। কাজিৰঙাৰ গঁড় গণনা কেৱল গঁড়ৰ সংখ্যা নিৰ্ধাৰণ কৰা এক বিভাগীয় কাৰ্যসূচী নহয়। ইয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গঁড়ৰ জনসংখ্যাৰ পৰিৱৰ্তন, প্রজননৰ অৱস্থা, পোৱালিৰ উপস্থিতি আৰু বিভিন্ন বনাঞ্চলত গঁড়ৰ বিস্তৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা যায়। লগতে এই তথ্যই গঁড়ৰ বাসস্থান সংৰক্ষণ, চোৰাং চিকাৰ প্ৰতিৰোধ, বন্য প্রাণী ব্যৱস্থাপনা আৰু ভৱিষ্যতৰ সংৰক্ষণমূলক পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰে বুলি জীৱ বিজ্ঞানী ড° ফিৰোজ আহমেদে জানিবলৈ দিয়ে। পূৰ্বৰ গণনাৰ তথ্যৰ সৈতে নতুন পৰিসংখ্যাৰ তুলনা কৰি গঁড়ৰ সংখ্যা বৃদ্ধি বা হ্ৰাসৰ ধাৰাও নিৰ্ণয় কৰিব পাৰি। সেয়েহে কাজিৰঙাৰ ১৫সংখ্যক বিভাগীয় গঁড় গণনা নিৰ্ধাৰিত চাৰি বছৰীয়া পৰিক্ৰমা অনুসৰি ২০২৬ চনতে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই সময়মতে প্রয়োজনীয় সিদ্ধান্ত গ্রহণ কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অন্যথা গণনা পিছুৱাই গ'লে পূৰ্বৰ চাৰি বছৰীয়া পৰিক্ৰমাত ব্যাঘাত জন্মাৰ লগতে গঁড়ৰ জনসংখ্যাৰ শেহতীয়া তথ্য লাভৰ ক্ষেত্ৰতো বিলম্ব ঘটিব পাৰে। এতিয়া সকলোৰে দৃষ্টি অসম চৰকাৰৰ বন্য প্রাণী বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিবদ্ধ হৈছে।

Share This