মানাহ ৰাষ্ট্ৰীয় উদ্যানত আকৰ্ষণৰ কেন্দ্ৰ হৈছে ব্লেকপেন্থাৰ

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক : মাতৃসহ দুটাকৈ ব্লেক পেন্থাৰৰ মৰমলগা পোৱালিয়ে যেন সোণত সুৱগা চৰাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ। বিগত প্রায় এমাহজুৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই বিৰল বন্য প্রাণীবিধৰ দৰ্শন সুলভ হৈ পৰাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দৃষ্টি নিবদ্ধ এতিয়া মানাহত। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনকালৰ অন্তিম সময়তো এতিয়া কেৱল এই ব্লেক পেন্থাৰৰ বাবেই মানাহলৈ সোঁত বৈছে পৰ্যটকৰ। উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিলত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দক্ষিণ সীমাৰ পথত প্রত্যক্ষ হৈছিল দুটি কণমানি ব্লেক পেন্থাৰৰ পোৱালি। তাৰ পাছতে লাহে লাহে মাকৰ সৈতে কেতিয়াবা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত, কেতিয়াবা সীমাতে থকা চাহ বাগিচাৰ গছত প্রায় প্রতিদিনে দর্শন পোৱা গৈছিল পোৱালি দুটাৰ।

মাতৃয়ে পোৱালি দুটাক জীৱন-ধাৰণৰ বাবে গছত উঠোৱাৰ প্ৰশিক্ষণ দিয়াৰ দৃশ্য, পোৱালি দুটাই গছৰ ফেৰেঙণিত বহি খেলা দৃশ্য বন্দী হৈছিল কেমেৰাত। আৰু এয়া সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে মানাহলৈ সোঁত ববলৈ ধৰে স্থানীয়, দেশৰ ভিন্ন ৰাজ্যৰ উপৰি বিদেশী পৰ্যটকৰ আৰু লক্ষ্য একমাত্র ব্লেক পেন্থাৰ। কিয়নো, দেশৰ অন্য কিছু ৰাষ্ট্ৰীয় উদ্যানত ব্লেক পেন্থাৰৰ দৰ্শন পোৱা যায় যদিও ইয়াৰ পোৱালিৰ এনে দৃশ্য দেখা পোৱাটো তেনেই বিৰল। দীর্ঘদিনৰ পৰা আজিলৈকে বহু পর্যটক, দেশৰ ভালেকেইগৰাকী যশস্বী ফটোগ্রাফাৰে মানাহত বাহৰ পাতি এই বিৰল ব্লেক পেন্থাৰ স্বচক্ষে চাইছে, গ্রহণ কৰিছে ভিন্ন ভংগীৰ আলোকচিত্র। পুৱাৰ পৰা সন্ধিয়ালৈ পথতে বহি পৰ্যটকে কৰিছে ব্লেক পেন্থাৰৰ দৰ্শন। মনে বিচৰা ফটো এখন তুলিব পাৰি বহুজন হৈ পৰিছে আপ্লুত। ভাৰতৰ যশস্বী ফটোগ্ৰাফাৰ ধৃতিমান মুখার্জী, আর্জু খুৰানা, অপৰূপা দে' ইতিমধ্যে মানাহত ব্লেক পেন্থাৰৰ বাবে কেইবাদিনো কটাইছে। একেদৰে পৰ্যটকক লৈ নিতৌ ব্যস্ত হৈ পৰিছে মানাহৰ বহু টুৰিষ্ট গাইড, জীপ চালক। অৱশ্যে দুদিন পূর্বে পোৱালি দুটাক পূৰ্বৰ স্থানৰ পৰা লৈ মাকে মানাহৰ অৰণ্যৰ ভিতৰলৈ গুচি যোৱা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি পূৰ্বৰ কেইদিনৰ দৰে নিতৌ ইয়াত দেখা যোৱা নাই যদিও অহা দিনকেইটাত অৰণ্যৰ ভিতৰতে দেখা পাই থকাৰ সম্ভাৱনা আছে, নতুবা পূৰ্বৰ স্থানলৈ ঘূৰি অহাৰো সম্ভাৱনা একেবাৰে নথকা নহয়। ইফালে এই পোৱালি দুটা যদি প্ৰকৃতিৰ কোনো প্রতিকূল পৰিস্থিতিত সৰুতেই প্রাণ হেৰুৱাবলগীয়া নহয়, ভৱিষ্যতত ইয়াৰ বাবেই মানাহলৈ অধিক হাৰত পৰ্যটকৰ আগমন বৃদ্ধি পাব বুলিও আশা প্রকাশ কৰা হৈছে।

Share This