বিস্ফোৰণত ধ্বংস কাশ্মীৰৰ থানা, ফৰিদাবাদত জব্দ কৰা বিস্ফোৰকৰ নমুনা সংগ্ৰহ কৰিবলৈ যাওঁতেই অঘটন

dainik janambhumi November 16, 2025

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ শ্রীনগৰৰ নৌগাম আৰক্ষী থানাত ঘটনাক্রমে হোৱা এক বিস্ফোৰণত ৯জন নিহত আৰু আন ৩২জন আহত হয়। আৰক্ষীয়ে জনায় যে এয়া সন্ত্রাসবাদী আক্রমণ নহয়। চলি থকা 'হোৱাইট কলাৰ' সন্ত্রাস গোটৰ তদন্তত আৰক্ষীয়ে ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ তথা 'আনষ্টেবল' (অস্থিৰ) বিস্ফোৰকৰ পৰা বিশেষ গোটে নমুনা আনিবলৈ লওঁতেই শুকুৰবাৰে নিশা ১১-২০ বজাত উক্ত বিস্ফোৰণটো সংঘটিত হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান নলীন প্রভাত আৰু গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব প্রভাত লোখাণ্ডেয়ে ক্রমে শ্রীনগৰ আৰু নতুন দিল্লীত সাংবাদিকৰ আগত এয়া সন্ত্রাসবাদী আক্রমণ নহয় বুলি কয় যে ই এক দুর্ভাগ্যজনক দুর্ঘটনা। সঞ্চালক প্রধান প্রভাতে কয় যে উক্ত দুর্ভাগ্যজনক বিস্ফোৰণত ফৰেনছিক ছায়েন্স লেবৰেটৰীৰ দলৰ তিনিজন, দুজন ক্রাইম ফটোগ্ৰাফাৰ, দুজন ৰাজহ বিভাগৰ বিষয়া (দণ্ডাধীশৰ দলৰ অংশ), ৰাজ্যিক তদন্ত সংস্থাৰ (এছ আই এ) এজন বিষয়া আৰু দলটোৰ সৈতে জড়িত এজন দৰ্জীৰ মৃত্যু হয়। তেওঁ লগতে জনায় যে আৰক্ষীৰ ২৭জন জোৱান, দুজন ৰাজহ বিষয়া তথা কাষৰীয়া অঞ্চলৰ তিনিজন অসামৰিক লোক এই বিস্ফোৰণত আহত হয় আৰু তেওঁলোকক তৎক্ষণাৎ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

আৰক্ষীৰ সঞ্চালক প্রধান আৰু যুটীয়া সচিব দুয়োজনে জনায় যে ফৰেনছিক লেবৰেটৰীৰ দলটোৱে ফৰেনছিক আৰু ৰাসায়নিক পৰীক্ষাৰ বাবে জব্দকৃত বৃহৎ পৰিমাণৰ বিস্ফোৰকৰ পৰা নমুনা সংগ্ৰহৰ সময়তে উক্ত বিস্ফোৰণ সংঘটিত হয়। উক্ত প্রকাণ্ড বিস্ফোৰণত আৰক্ষী থানাৰ ভৱনটোৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি কাষৰীয়া ঘৰো ক্ষতিগ্রস্ত হয়। উক্ত বিস্ফোৰক সামগ্ৰীখিনিৰ ওজন আছিল প্রায় ৩৬০ কিল'গ্রাম। এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ডাঃ মুজাম্মিল গানাইৰ হাৰিয়ানাৰ ফৰিদাবাদত ভাৰাঘৰত ৯ আৰু ১০ নৱেম্বৰত জব্দ কৰা হৈছিল। এখন টাটা ৪০৭ পিক-আপ ট্রাকেৰে সৰু সৰু বেগত বিস্ফোৰকখিনি নৌগাম আৰক্ষী থানালৈ অনা হৈছিল। ডাঃ গানাইক দিল্লীৰ লালকিল্লাৰ সমীপৰ কাৰ-বোমা বিস্ফোৰণৰ আগতেই গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে উক্ত বিস্ফোৰণত ১৩জন লোকৰ মৃত্যু হৈছে। ২ কিঃ গ্রামতকৈ অধিক এম'নিয়াম নাইট্রেট ব্যৱহাৰ হৈছিল দিল্লীৰ বিস্ফোৰণত। ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত কৰা মাৰাত্মক কাৰ-বোমা বিস্ফোৰণত ২ কিল'গ্রামতকৈ বেছি এম'নিয়াম নাইট্রেট ব্যৱহাৰ কৰা হৈছিল। তদন্ত সংস্থাৰ সৈতে সম্পর্ক থকা সূত্রই শনিবাৰে এই কথা জনায়। ১৩জন লোকৰ মৃত্যু ঘটোৱা উক্ত আত্মঘাতী কাৰ বোমা বিস্ফোৰণত গাড়ী চলোৱা ডাঃ ওমৰ নবী বোমা প্রস্তুত কৰাত বিশেষজ্ঞ আছিল বুলি সূত্ৰসমূহে কয়। ফৰেনছিক দলে এতিয়ালৈকে পোৱা বিস্ফোৰকৰ ৫২টাতকৈ অধিক নমুনাৰ পৰা জানিব পৰা গৈছে যে ওমৰে হয়তো এম 'নিয়াম নাইট্রেট, পেট্রলিয়াম আৰু ডিট'নেটিং সামগ্ৰী ব্যৱহাৰ কৰি বিস্ফোৰক তৈয়াৰ কৰিছিল। ফৰেনছিক তদন্তই প্রকাশ কৰিছে যে এনে বিস্ফোৰক ৫ৰ পৰা ১০ মিনিটৰ ভিতৰত তৈয়াৰ কৰিব পাৰি। বিস্ফোৰণৰ আগতে তিনি ঘণ্টা গাড়ী পার্কিং কৰি ৰখা স্থানতে ওমৰ নবীয়ে বিস্ফোৰক তৈয়াৰ কৰিছিল নেকি সেই কথাও নিৰাপত্তা সংস্থাসমূহে তদন্ত কৰি আছে। 

নবীয়ে পার্কিং স্থানত গাড়ী সুমুৱাইছিল বিয়লি ৩-১৯ বজাত আৰু সন্ধিয়া ৬-২৮ বজাত প্রস্থান কৰিছিল। তাৰ প্রায় ৩০ মিনিট পাছত ৰে'ড ফ'ৰ্ট মেট্ৰ' ষ্টেছনৰ সমীপৰ এটা ট্রেফিক ছিগনেলত গাড়ীখন ৰৈছিল আৰু বিস্ফোৰণ ঘটিছিল। সূত্রমতে হাৰিয়ানাৰ ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ত চাকৰি কৰা কাশ্মীৰৰ চিকিৎসক ওমৰে পৰ্যটকৰ স্থান আৰু ব্যস্ত বজাৰ থকা লালকিল্লাৰ চৌহদৰ ভিতৰৰ পার্কিং স্থানত বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেইদিনা সোমবাৰ হোৱাৰ বাবে লালকিল্লা বন্ধ আছিল।

Share This