ৰাজনীতিৰ পথাৰত ব্লকবাষ্টাৰ 'বিজয়', জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ পৰিক্ৰমা

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক: এম জি ৰামচন্দ্ৰনে (এম জি আৰ) ১৯৭৭চনত তামিলনাডুৰ ৰাজনীতিৰ পৰিৱৰ্তন অনাৰ ৪৯ বছৰ পাছত এইবাৰ ৰাজনীতিৰ পথাৰত আত্মপ্রকাশ কৰা জনপ্রিয় অভিনেতা যোছেফ বিজয় চন্দ্ৰশেখৰনৰ তামিলাগা ভেটি কাজাগাম (টি ভি কে) দলে ৰাজ্যখনৰ ৰাজনীতিত পুনৰ অভূতপূর্ব পৰিৱৰ্তন আনিলে। 

অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয় এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰ। অন্তিমবাৰৰ বাবে দক্ষিণৰ চিনেমা জগতে 'ছেইন্ট জর্জ দুর্গ' দখল কৰিছিল আৰু ১৯৮৭ চনৰ মৃত্যু সময়লৈকে এম জি আৰে এটা দশক ধৰি তামিলনাডুত ৰাজত্ব কৰিছিল। ভোটাৰৰ সৈতে কল্যাণমূলক আঁচনিৰে ৰাজনীতি তথা শাসনযন্ত্ৰ চলোৱা এম ডি আৰ ৰাজ্যখনত জনপ্রিয় মুখ্যমন্ত্রী হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পাছতে দক্ষিণৰ কোনো অভিনেতাই ৰাজ্যখনত শক্তিশালী স্থিতি ৰাজনৈতিক ক্ষেত্ৰখনত খোপনি পুতিব পৰা নাছিল। 

জয়াললিতাই এ আই এ ডি এম কেত এম জি আৰৰ উত্তৰাধিকত্ব সূত্ৰেহে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। কিন্তু মাত্ৰ দুবছৰৰ পূৰ্বে ৰাজনৈতিক পথাৰত আত্মপ্রকাশ কৰা বিজয়ৰ তামিলাগা ভেট্টি কাজাগামে (টি ভি কে) তামিলনাডুত শাসনভাৰ দখল কৰিবলৈ সক্ষম হয়। ১০৭খন আসন দখল কৰি বিজয়ৰ টি ভি কেই একক বৃহৎ দল হিচাপে পৰিগণিত হয়।

কেনেকৈ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰিছিল বিজয়ে- ২০০৯ চনৰ আৰম্ভণিৰ পৰা অভিনেতা বিজয়ে 'বিজয় মাক্কাল ইয়াক্কাম' গঠন কৰি জনকল্যাণমূলক কার্যত ব্রতী হৈছিল। প্ৰাৰম্ভিকতে জনকল্যাণ আৰু সেৱা নেটৱৰ্ক গঢ়ি লাহে লাহে বুথ স্তৰলৈকে সাহায্য, শিক্ষা সাহায্য আৰু স্থানীয় জনকল্যাণমূলক কার্যত ব্রতী হয় বিজয়। 

২০১১ চনত বিজয়ে এ আই এ ডি এম কেক মুকলিকৈ সমর্থন দি ৰাজনীতিত প্রথমটো খোজ দিয়ে। আনহাতে, ২০১১ চনৰ পৰা প্ৰায় এটা দশকত বিজয়ৰ চিনেমাবোৰত ৰাজনৈতিক দুর্নীতি আৰু বিতৰ্কসমূহে বিশেষ প্রাধান্য লাভ কৰে। বিজয়ৰ চিনেমাবোৰত ৰাজনৈতিক দুর্নীতি আৰু কেলেংকাৰিবোৰে চিত্রায়িত হোৱাৰ পাছতে এজন ৰাজনৈতিক নেতা হিচাপে তামিলনাডুৰ জনতাই বিজয়ক বিচাৰিবলৈ ধৰে। 

আনহাতে, নাগৰিকত্ব সংশোধনী আইন (কা)ৰ সমালোচনা কৰিও বিজয় জনসাধাৰণৰ কাষলৈ যাবলৈ সক্ষম হয়। দক্ষিণৰ বহুতো জনপ্রিয় চিনেমাৰ নায়ক-নিৰ্মাতা বিজয়ে তামিলনাডুৰ নিৱনুৱা সমস্যা, শাসকৰ দুর্নীতি আৰু শাসন ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈ উঠে। দল গঠনৰ পূৰ্বে সাংগঠনিক প্রমাণ দিয়ে ২০২১ চনত পৌৰ নিগমৰ নিৰ্বাচনত 'বিজয় মাক্কাল ইয়াক্কাম'-এ অধিকাংশ আসনত জয়ী হৈ। 

২০২৪ চনৰ ফেব্ৰুৱাৰীত বিজয়ে আনুষ্ঠানিকভাৱে টি ভি কে গঠন কৰে। ৰাজ্যখনত ডি এম কে-এ আই ডি এম কেৰ বিকল্প হিচাপে টি ভি কেই এইবাৰ তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচনত অকলে প্রতিদ্বন্দ্বিতা কৰে। দক্ষিণৰ ৭০খন চিনেমাৰ জনপ্রিয় নায়ক বিজয়ে অভিনয় জগত ত্যাগ কৰি ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিয়েই তামিলনাডুৰ ৰাজনীতিত খলকনি তুলিছে।

Share This