ডিজিটেল ডেস্ক : বাংলাদেশৰ ত্রয়োদশ সাধাৰণ নির্বাচনত তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিস্ট পার্টিয়ে (বি এন পি) বিপুল সংখ্যাগৰিষ্ঠতাৰে জয় সাব্যস্ত কৰে। ইয়াৰ পাছতেই ৬০ বছৰীয়া তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্রধানমন্ত্রী হোৱাৰ পথ প্রশস্ত হ'ল। ব্রিটেইনৰ লণ্ডনত ১৭ বছৰ কাল স্ব-নির্বাসনত থকা তাৰিক ৰহমান স্বদেশলৈ ঘূৰিয়েই দেশখনৰ ভাবী প্রধানমন্ত্রী বিচাপে চিহ্নিত হোৱাটো এটা নজিৰবিহীন ঘটনা। প্রকৃততে, কোন এই তাৰিক ৰহমান? সমগ্র বিশ্বজুৰি চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰা এই তাৰিক ৰহমান হৈছে দেশখনৰ প্রাক্তন বাষ্ট্রপতি জিয়াউৰ ৰহমান আৰু প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াব পুত্র। প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ মৃত্যুৰ পূৰ্বে তাৰিক ৰহমান বি এন পিৰ কাৰ্যকৰী সভাপতি আছিল। বিদেশৰ পৰাই দলটোৰ সাংগঠনিক দিশ পৰিচালনা কৰি আছিল তাৰিক বহমানে।
মাতৃ খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত তাৰিকে স্বদেশলৈ প্রত্যাৱর্তন কৰে। আনহাতে, মাতৃৰ মৃত্যুৰ পাছত বি এন পিব সম্পূর্ণ দায়িত্ব লয় তাৰিক ৰহমানে আৰু নির্বাচনী প্রচাৰ অভিমানত জঁপিয়াই পৰে। বি এন পিৰ প্রতি দেশখনৰ শোষিত-নিষ্পেষিত মহিলাসকলক আকৰ্ষিত কৰাত সম্পূর্ণৰূপে সফল হয় তাৰিক ৰহমান। ইছলামিক মৌলবাদীৰ দ্বাৰা প্ৰতাৰিত হৈ অহা দেশখনৰ মহিলাসকলক আশাৰ বতৰা দিয়ে ৰহমানে। নির্বাচনৰ সময়ত নিজ জীয়ৰীক কাষত লৈ প্ৰচাৰ অভিযানত নামিছিল তাৰিকে। সেইবাবেই হয়তো বি এন পিয়ে এইবাৰৰ নিৰ্বাচনত মহিলা ভোটাৰৰ বিপুল সমর্থন লাভ কবে। উল্লেখযোগ্য ২১২খন আসন লাভ কৰা বি এন পিৰ নেতা হিচাপে তাৰিক ৰহমানো ঢাকা-১৭ আৰু বগোৰা-৬ দুটা সংসদীয় সমষ্টিত বিজয়ী হৈছে। আনহাতে, প্রায় দুটা দশক বিদেশত থাকি দলীয় কাম-কাজ পৰিচালনা কৰাটো বিশ্বৰ ৰাজনীতিত বিৰল ঘটনা। বাংলাদেশৰ ভাবী প্রধানমন্ত্রী ৰূপে তাৰিক প্রক্ষেপিত হোৱাটোও দেশখনৰ ইতিহাসত নজিৰবিহীন ঘটনা। মাতৃৰ মৃত্যুৰ পাছত ২০২৫ চনৰ ডিচেম্বৰ মাহত বি এন পিৰ মুৰব্বী হিচাপে নির্বাচিত হয় তাৰিক। তাৰিকক প্রায়ে 'ডার্ক প্রিন্স' বুলি আখ্যা দিয়া হয়। ২০০১ চনৰ পৰা ২০০৬ চনলৈ বি এন পিৰ মৰ্চা চৰকাৰ থকাৰ সময়ত তাৰিক ৰহমানে 'হাৱা ভৱন' নামেৰে দুমহলীয়া ভৱন সাজিছিল য'ত সুৰংগও আছিল আৰু তেতিয়া ভৱনটোক 'ছেড' পি এম অ'' বুলি অভিহিত কৰা হৈছিল। ২০০৬ চনৰ পৰা ২০০৮ চনলৈ বাংলাদেশত প্রবল ৰাজনৈতিক অস্থিবতা হয়। এই সময়তে বি এন পি আৰু শেখ হাছিনাৰ আৱামী লীগৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাত হয়। ২০০৭ চনত সামৰিক তত্ত্বাবধায়ক চৰকাৰ হয় দেশখনত। সেই সময়তে তাৰিক ৰহমানৰ ২০০৭ চনৰ ১৫ মে'ত গ্রেপ্তাৰ কৰে। ১৭ মাহ ধৰি তেওঁক বিভিন্ন গোচৰত বন্দী কৰি ৰখা হয়।
ধনৰ অবৈধ সৰবৰাহ গোচৰ, গ্রেনেড বিস্ফোৰণৰ ঘটনা, শেখ হাছিনাক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত তেওঁক কাৰাগাৰত বন্দী কৰা হৈছিল। আনহাতে, ২০০৮ চনত আৱামী লীগ শাসনত অহাৰ পাছতেই তাৰিক ৰহমান ব্রিটেইনলৈ স্ব-নির্বাসিত হয়। আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তেওঁক শাৰীৰিক নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত স্বাস্থ্যৰ দোহাই দি চিকিৎসাৰ বাবে তাৰিক লণ্ডনলৈ স্থানান্তৰিত হয়। আনহাতে, ২০২৪ চনৰ ছাত্ৰ-বিক্ষোভৰ পাছত গঠন হোৱা মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰে তাৰিক ৰহমানৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰে। ২০২৫ চনৰ ডিচেম্বৰত স্বদেশলৈ প্রত্যাৱর্তন কৰিয়েই বাংলাদেশৰ কোটি কোটি ভোটাৰৰ মন জয় কৰি ক্ষমতা দখল কৰাটো বিশ্বৰ ৰাজনীতিত এটা নজিৰবিহীন ঘটনা হিচাপে পৰিগণিত হৈছে।