ৰোহিত-কোহলীক সুযোগ দিব ব'র্ডে, ২০২৭ৰ এদিনীয়া বিশ্ব কাপলৈ প্রস্তুতি আৰম্ভ

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক : টি-২০ বিশ্ব কাপৰ মাজত অহা বছৰৰ এদিনীয়া বিশ্ব কাপৰ বাবে পৰিকল্পনা আৰম্ভ কৰি দিছে ভাৰতীয় ক্রিকেট ব'র্ডে (বি চি চি আই) ভাৰতীয় দলৰ সূচী পৰিবৰ্তন কৰাৰ চেষ্টা চলোৱা হৈছে। বিৰাট কোহলী আৰু ৰোহিত শর্মাক অধিক মেচ খেলাৰ সুযোগ উলিয়াই দিয়াৰ লক্ষ্য লৈছে বি চি চি আয়ে। ২০২৩ চনত ঘৰৰ মাটিত হোৱা এদিনীয়া বিশ্ব কাপৰ ফাইনেলত উপনীত হ'লেও খিতাপ তুলি ধৰাত ব্যর্থ হয় ৰোহিত শর্মা বাহিনী। টুফী জয় কৰিব নোৱৰাৰ আক্ষেপ আছে কোহলীৰো। ইয়াৰ উপৰি, ২০১১ চনৰ পাছত ভাৰতে এদিনীয়া বিশ্ব কাপৰ খিতাপ জয় কৰিব পৰা নাই। আন্তর্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ আগেয়ে এদিনীয়া বিশ্ব কাপৰ খিতাপ দেশৰ বাবে উছৰ্গা কৰিব খোজে ছিনিয়ৰ তাৰকাদ্বয়ে। ৰোহিত আৰু কোহলীয়ে টেষ্ট আৰু টি-২০ ক্রিকেটৰ পৰা ইতিমধ্যেই অৱসৰ লৈছে। 

দেশৰ হৈ এতিয়া মাথোঁ এদিনীয়া ক্রিকেটহে খেলে উভয়ে। বিশ্ব কাপৰ আগেয়ে উভয়কে অধিক মেচ খেলাৰ সুযোগ দিবলৈকে ভাৰতীয় দলৰ সূচী সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক প্রতিবেদন অনুসৰি ছিনিয়ৰ খেলুৱৈদ্বয়ৰ কথা ভাবিয়েই সলনি কৰা হ'ব পাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ সূচী। ৬ বছৰৰ পাছত পূর্ণাংগ সূচীৰে নিউজিলেণ্ড ভ্রমণ কৰিব ভাৰতে। অহা অক্টোবৰত উক্ত ভ্ৰমণত থাকিব দুখন টেষ্ট, দুখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ। বি চি চি আয়ে টি-২০ শৃংখলা ৩খনীয়া কৰাৰ বিপৰীতে এদিনীয়া মেচৰ সংখ্যা ৪খনলৈ বৃদ্ধি কৰিব খোজে। উক্ত সালসলনিৰ সম্পর্কত নিউজিলেণ্ড ক্রিকেট ব'ৰ্ডৰ সৈতে আলোচনাত মিলিত হৈছে ভাৰতীয় ক্রিকেট ব'র্ড। 

অহা বছৰৰ বিশ্ব কাপৰ কথা মনত ৰাখিয়েই নিউজিলেণ্ডেও অধিক এদিনীয়া মেচ খেলিবলৈ ৰাজী হ'ব। টি-২০ বিশ্ব কাপৰ পাছত আছে আই পি এল। তাৰ পাছত পুনৰ আৰম্ভ হ'ব ভাৰতীয় দলৰ সূচী। জুন মাহত আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা খেলিব ভাৰতে। ইয়াৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধে জুলাইত তিনিখনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব শুভমন গীল বাহিনী। উক্ত সূচী ইতিমধ্যেই চূড়ান্ত হৈছে।

Share This