ডিজিটেল ডেস্ক: কার্বি আংলং জিলাৰ চকীহোলাৰ নিলিপ ব্লকৰ অন্তৰ্গত কালাপাহাৰৰ দুৰ্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে বায়ু সেনাৰ এখন যুঁজাৰু বিমান দুর্ঘটনাগ্রস্ত হৈছিল। সন্ধিয়া যোৰহাটৰ বায়ু সেনাৰ ঘাটিৰ পৰা অনুশীলনৰ বাবে উৰা মাৰি প্ৰায় ৭-৪০ বজাত দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় বায়ু সেনাৰ ছুখয় ৩০ এম কে আই যুঁজাৰু বিমানখনৰ দুই পাইলটৰ প্ৰায় জ্বলি শেষ হৈ যোৱা ছিন্ন-ভিন্ন মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কালি তেওঁলোকৰ পৰিচয় সদৰী কৰে যোৰহাটস্থিত বায়ু সেনাই।
বায়ু সেনাৰ নিহত পাইলট দুজনৰ নাম হৈছে স্কোৱাড্রন লীডাৰ অনোজ আৰু ফ্লাইট লীডাৰ পূৰ্বেশ দূৰাগকাৰ। পূৰ্বেশৰ চাকৰি পূৰ্বে তেজপুৰত আছিল যদিও তাত ৰানৱে' বনাই থকাৰ বাবে যোৰহাটলৈ বদলি হৈ আহিছিল। দুয়োগৰাকী পাইলটৰ বিয়োগত বায়ু সেনাৰ লগতে সমগ্র দেশেই গভীৰ শোক প্ৰকাশ কৰিছে। কালি পুৱাই দুর্ঘটনাত পতিত যুদ্ধ বিমানখনৰ ব্লেক বক্সটোও উদ্ধাৰ কৰা হয়। ইয়াৰ পৰাই দুৰ্ঘটনাৰ বহু দিশ উন্মোচন হ'ব।
আনহাতে, কালি পুৱাই কাৰ্বি আংলং জিলা প্রশাসন আৰু আৰক্ষীৰ এটা উচ্চপদস্থ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি বায়ু সেনাক যাবতীয় সকলো সহায়-সহযোগ কৰাৰ কথা উল্লেখ কৰে। ঘটনাস্থলীত সুদীর্ঘ এলেকাজুৰি সিঁচৰতি হৈ থকা দুর্ঘটনাগ্রস্ত বিমানখনৰ ভগ্নাৱশেষ উদ্ধাৰ আৰু তদন্তৰ বাবে ঘটনাস্থলীত বায়ু সেনাৰ এটা দল উপস্থিত হয়। তেওঁলোকে প্রয়োজনীয় কেতবোৰ সামগ্ৰী লৈ পাহাৰৰ লুংলুঙীয়া স্থলপথেৰে খোজকাঢ়ি দুর্গম অভিশপ্ত অঞ্চলটোলৈ দিনৰ ভাগতেই ৰাওনা হৈছে। দুই-তিনি দিন ধৰি এই অভিযান চলিব পাৰে। ঘটনাস্থলী থিয় কালাপাহাৰৰ শিখৰত উপস্থিত হ'বলৈ ৪-৫ ঘণ্টা সময়ৰ প্রয়োজন। তেওঁলোকে বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰ আৰু ড্ৰ'নৰ সহায়ত অভিযান আৰম্ভ কৰিছে। তদন্তৰ খাতিৰত ঘটনাস্থলীত বায়ু সেনাৰ লোকৰ বাহিৰে আন সকলো ব্যক্তি বিশেষৰ প্ৰৱেশ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে সংঘটিত হোৱা দুর্ঘটনাটোৰ সঠিক কাৰণ তদন্তৰ পাছতহে গম পোৱা যাব। উক্তদিনা বিকট শব্দ কৰি বিমানখন বিস্ফোৰিত হৈছিল আৰু বিমানত জৰুৰী অৱতৰণৰ বাবে থকা পেৰাচ্যুট ব্যৱহাৰ নকৰাকৈ পাহাৰৰ ঘন বাঁহ গছৰ ওপৰত ওলমি ৰৈছিল।
বিমানখনৰ ভগ্নাৱশেষ ৩-৪ কিল'মিটাৰ দূৰলৈকে সিঁচৰতি হৈ পৰে। বিমানখনৰ মূল অংশ পৰা ঠাইত এডৰা বাঁহ গছ উঘালি পৰিছিল আৰু সেই ঠাইত এটা বৃহৎ গাঁতৰ সৃষ্টি হয়। কেই বাঠাইতো বিস্তীর্ণ অঞ্চল জ্বলি ছাই হৈ যায়। দুর্ঘটনাস্থলীত অবর্ণনীয়ভাৱে পাইলট দুজনৰ ছিন্ন-ভিন্ন শৰীৰ প্ৰত্যক্ষ কৰা হয়। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পাইলট দুজনৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।