ডিজিটেল ডেস্ক : বাংলাদেশত পুনৰ এজন হিন্দু হত্যাৰ বলি হ'ল। এইবাৰ এটা মন্দিৰৰ পুৰোহিতক দুর্বৃত্তই হত্যা কৰি গছত ওলোমাই ৰখাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে, খুৰুচকুলৰ পূৰ্ব হামজাৰ দেইল অঞ্চলৰ নাগ পঞ্চমী মন্দিৰৰ পুৰোহিত নয়ন দাস (৩৫) ১৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। বুধবাৰে তেওঁৰ মৃতদেহ সন্দেহজনক অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰৰ তথ্য অনুসৰি ৩০-৩৫জনীয়া এটা দলে মন্দিৰৰ পূব দিশত থকা পাহাৰত চলোৱা অভিযানৰ সময়ত বুধবাৰে এজোপা গছৰ ডালত ওলমি থকা অৱস্থাত দাসৰ মৃতদেহ উদ্ধাৰ কৰে।
দাসৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা তথ্য মতে, ১৯ এপ্ৰিলৰ নিশা ৯ বজাত কোনো অচিনাক্ত লোকে পুৰোহিত দাসক ঘৰৰ পৰা মাতি নিছিল। সেই ওলাই যোৱাৰ পৰা তেওঁ আৰু ঘূৰি নাহিল। ইফালে কক্স বজাৰ সদৰ মডেল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ছামিউদ্দিনে প্রকাশ কৰিছে যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এয়া হত্যা নে আত্মহত্যা সেয়া নিশ্চিত হ'ব। উল্লেখযোগ্য যে বিগত প্রায় ডেৰ বছৰ ধৰি বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে।