ডিজিটেল ডেস্ক : আমাক ন্যায় লাগিবই, বন বিভাগ হুঁচিয়াৰ, বোকাখাত পুলিচ হায় হায়, ডি এফ অ'ক গ্ৰেপ্তাৰ কৰিব লাগিব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পূব অসম বন সংমণ্ডলৰ কাৰ্যালয়ৰ মুখ্য গে'টৰ সন্মুখত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দশমী দুৱৰা যোৱা ৮ আগষ্টত বিভাগীয় আৱাসগৃহত এক ৰহস্যজনকভাৱে মৃত্যু হয়। প্রথম অৱস্থাত এই ঘটনাটো আত্মহনন বুলি কোৱা হৈছিল যদিও পৰিয়ালৰ তৰফৰ পৰা সেয়া মানি লোৱা নাছিল। শনিবাৰে বোকাখাতৰ পূব অসম বন সংমণ্ডল প্রধিকাৰী বিষয়া কাৰ্যালয়ৰ সন্মুখত কেইবাটাও জাতীয় দল-সংগঠনে উত্তাল প্রতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। দশমী দুৱৰাৰ মৃত্যুৰ ৰহস্যৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে বন সংমণ্ডল বিষয়াগৰাকীক তদন্তৰ আওতালৈ আনিবৰ বাবে দাবী জনায়।
ঘটনা সম্পৰ্কত পৰিয়ালে উপযুক্ত তদন্ত বিচাৰি বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বোকাখাত আৰক্ষীয়ে তদন্তৰ গতি লেহেমীয়া কৰি তদন্তৰ প্ৰমাণ নাইকিয়া কৰাৰ অভিযোগ উত্থাপন কৰে। এই লৈ জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠে। শনিবাৰে জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলে দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক সন্দেহৰ অৱকাশ থকাৰ অভিযোগ উত্থাপন কৰি ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনায় আৰু এই ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি ২৬ আগষ্ট সময়সীমা বান্ধি দিয়ে। অন্যথা ২৭ আগষ্ট তাৰিখে গোলাঘাট জিলা বন্ধ দিয়াৰ হুংকাৰ দিয়ে। ইফালে প্রতিবাদস্থলীত উপস্থিত হোৱা সম জিলাৰ সহকাৰী আয়ুক্ত তথা দশমী দুৱৰাৰ মৃতদেহ উদ্ধাৰৰ সময়ত উপস্থিত থকা একেগৰাকী সহকাৰী আয়ুক্তক জাতীয় দলসমূহৰ সন্দেহৰ আৱৰ্তত অহা প্রশ্নসমূহ উত্থাপন কৰে। ইয়াৰ পাছত গোলাঘাট জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰৰ প্রতিলিপি প্রদান কৰে। সহকাৰী আয়ুক্তগৰাকীয়ে সমগ্ৰ বিষয়টো শীর্ষ বিষয়াক অৱগত কৰা হ'ব বুলি প্রতিশ্রুতি দিয়ে।
আৰক্ষীয়ে হেণ্ডগ্লভ পিন্ধি সকলো বয়-বস্তু সংগ্ৰহ কৰি ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিব লাগে। সেয়া সঠিকভাৱে নোহোৱাৰ অভিযোগ উত্থাপন কৰে। দশমীৰ চিপ লোৱা কাপোৰখনো সংগ্ৰহ নকৰি জ্বলাই দিয়া হ'ল বুলি তদন্তকাৰী বিষয়াই পৰিয়ালক জনায়। দশমীৰ ঘটনাটোৰ পাছত তেওঁৰ বয়-বস্তুসমূহ সংৰক্ষণত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। আনহাতে, দশমীৰ চিপ লোৱা স্থিৰ চিত্ৰসমূহত দশমীৰ ভৰিত বোকা, তেজৰ চেকুৰা, ভৰি মাটিত ওলমি থকা দৃশ্যসমূহ ৰহস্যজনক বুলি উল্লেখ কৰে। দশমীৰ নশ্বৰদেহ গোলাঘাটৰ আঠখেলীয়া বাসগৃহত উপস্থিত হৈছিল ৮ আগষ্টৰ বিয়লি ৩-৩৭ বজাত। কিন্তু চিকিৎসকে পি এম ৰিপ'ৰ্ট কৰিছে ৮ আগষ্ট বিয়লি ৪ বজাত। গতিকে চিকিৎসকৰ পি এম ৰিপ'ৰ্টৰ ক্ষেত্ৰতো আঙুলি ঢোঁৱাইছে জাতীয় সংগঠনে।