অনন্ত আম্বানিৰ জন্মদিনত বলিউড তাৰকাসকলৰ বিশেষ ওলগ: সমাজসেৱাৰ বাবে ১৮ কোটি টকাৰ অনুদান

Rashmi April 10, 2026

ডিজিটেল ডেস্ক: দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ ৩১সংখ্যক জন্মদিন এইবাৰ অতি বিশেষ আৰু মৰমৰ পৰিৱেশত উদযাপন কৰা হয়। 

জামনগৰত আয়োজিত এই অনুষ্ঠানত বলিউডৰ তাৰকাসকলৰ উপস্থিতি আৰু তেওঁলোকে জনোৱা আন্তৰিক শুভেচ্ছাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ছ'চিয়েল মিডিয়াত তাৰকাসকলৰ মৰম

জন্মদিনৰ শুভক্ষণত বলিউডৰ 'ভাইজান' ছলমান খানে ইনষ্টাগ্ৰামত অনন্তৰ সৈতে কিছু আৱেগিক ছবি শ্বেয়াৰ কৰি তেওঁক এজন 'নিস্বাৰ্থ আৰু দয়ালু' ব্যক্তি বুলি অভিহিত কৰে। ছলমানে লিখে, 'মোৰ মৰমৰ সৰু ভাতৃ অনন্তক জন্মদিনৰ বহুত বহুত ওলগ জনালোঁ।'

একেদৰে, বলিউডৰ বাদশাহ শ্বাহৰুখ খানেও ইনষ্টাগ্ৰামৰ জৰিয়তে অনন্তৰ সুস্বাস্থ্য কামনা কৰি তেওঁৰ সমাজসেৱামূলক কামসমূহ অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ উপৰি ৰণবীৰ সিং আৰু সঞ্জয় দত্তৰ দৰে অভিনেতাসকলেও অনন্তক এজন অতি নম্ৰ আৰু দয়ালু ব্যক্তি হিচাপে বৰ্ণনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

১৮ কোটি টকাৰ সমাজসেৱামূলক আঁচনি

অনন্ত আম্বানিয়ে নিজৰ জন্মদিনটো কেৱল বিলাসিতাৰ মাজতে সীমাবদ্ধ নাৰাখি সমাজসেৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেৰালাৰ ঐতিহাসিক ৰাজৰাজেশ্বৰম মন্দিৰ আৰু গুৰুভায়ুৰ মন্দিৰৰ উন্নয়নৰ বাবে বিশেষ অনুদান, জীৱ-জন্তুৰ চিকিৎসা আৰু সুৰক্ষাৰ বাবে বৃহৎ পুঁজি আবণ্টন, দ্বাৰকাত যাত্ৰী নিবাস নিৰ্মাণ আৰু আম্বাজী মন্দিৰত বছৰজুৰি বিনামূলীয়া ভোজন সেৱাৰ ব্যৱস্থা।


জানিব পৰা মতে, অনন্ত আম্বানিৰ এই পৰিকল্পনাসমূহে জামনগৰ আৰু ইয়াৰ ওচৰ-পাজৰৰ গ্ৰাম্য অঞ্চলৰ শ্ৰমিক তথা দুখীয়া লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। শিক্ষাৰ সংস্কাৰ আৰু গোশালা স্থাপনৰ জৰিয়তে সমাজৰ সৰ্বাংগীণ উন্নতিৰ লক্ষ্য স্থিৰ কৰা হৈছে।

জামনগৰত অনুষ্ঠিত এই জন্মদিনৰ অনুষ্ঠানে এফালে যেনেকৈ বলিউডৰ গ্লেমাৰ প্ৰদৰ্শিত কৰিলে। আনফালে, অনন্ত আম্বানিৰ সমাজহিতৈষী ৰূপটোও পুনৰবাৰ স্পষ্ট কৰি তুলিলে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This