দিল্লী বিধানসভা আৰু সচিবালয়লৈ বোমাৰ ভাবুকি! ৰাজধানীত তীব্ৰ চাঞ্চল্য

Rashmi April 09, 2026

ডিজিটেল ডেস্কঃ দিল্লীত এক ভয়ংকৰ বোমাৰ ভাবুকিয়ে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দিল্লী বিধানসভা আৰু সচিবালয়লৈ ই-মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ এক ভাবুকি প্ৰেৰণ কৰা হৈছে, যাৰ ফলত নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।

প্ৰাপ্ত খবৰ অনুসৰি, বিধানসভাৰ সচিবালয়লৈ এটা অচিনাক্ত ই-মেইল প্ৰেৰণ কৰা হৈছিল। এই ই-মেইলটোত বিধানসভা ভৱন আৰু সচিবালয়ক লক্ষ্য কৰি বোমা বিস্ফোৰণ ঘটোৱাৰ হুংকাৰ দিয়া হৈছিল। 

খবৰটো পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে বোমা নিষ্ক্ৰিয়কৰণ বাহিনী, ডগ স্কোয়াড আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ।

সমগ্ৰ ভৱনটো খালী কৰি নিৰাপত্তা বাহিনীয়ে চুকে-কোণে তালাচী চলায়। বৰ্তমানলৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে।

আৰক্ষীৰ চাইবাৰ চেল বিভাগে ই-মেইলটোৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষী সূত্ৰই জনায়, 'আমি বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছোঁ। ই-মেইলটো ক’ৰ পৰা পঠোৱা হৈছে আৰু ইয়াৰ আঁৰত কোন আছে, সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে।'

প্ৰাথমিকভাৱে ইয়াক এক উৰাবাতৰি বুলি সন্দেহ কৰা হৈছে যদিও ৰাজধানীৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ বাবে কোনোধৰণৰ ঢিলা মনোভাব দেখুওৱা হোৱা নাই। বৰ্তমান বিধানসভা চৌপাশত নিৰাপত্তাৰক্ষীয়ে কটকটীয়া পহৰা দি আছে।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This