বি পি চি এল, আই অ'চি এল চেম্পিয়ন, আন্তঃপেট্রলিয়াম ইউনিট বেডমিন্টন

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়ামত ২৪ মাৰ্চৰপৰা চলি থকা ৪৪ সংখ্যক আন্তঃ পেট্রলিয়াম ইউনিট বেডমিন্টন প্রতিযোগিতাৰ দলীয় চেম্পিয়নশ্বিপৰ খেলসমূহ কালি সমাপ্ত হৈছে। যোৱা নিশা অনুষ্ঠিত পুৰুষৰ দলীয় শাখাৰ ফাইনেলত বি পি চি এলে বিজয়ীৰ খিতাপ দখল কৰে। দ্বিতীয় আৰু তৃতীয় স্থান লাভকৰে ক্ৰমে আই অ' চি এল আৰু গেইল দলে। প্রতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাত আই অ'চি এলে চেম্পিয়নৰ খিতাপ দখল কৰে। 

দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অইল আৰু অ' এন জি চিৰ দলে। আনহাতে, ভেটাৰ্নৰ দলীয় শাখাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ কালি নিশা অনুষ্ঠিত হয়। আনহাতে, মুকলি শাখাৰ খেলসমূহ ২৮ মাৰ্চত সামৰণি পৰিব। পুৰুষৰ দলীয় প্রতিযোগিতাত নিজৰ ছিংগলছ মেচ জয় কৰে ভাৰতীয় তাৰকা লক্ষ্য সেনে। চিৰাগ চেট্টীৰ দৰে বিশ্বমানৰ ডাবোলছ তাৰকা সতীর্থ থকা সত্ত্বেও আই অ' চি এলৰ খিতাপ আনি দিব নোৱাৰিলে। বি পি চি এল ৩-২ মেচৰ ব্যৱধানত জয়ী হৈ দলীয় খিতাপ জয় কৰে। 

মহিলাৰ দলীয় শাখাৰ ফাইনেলত আই অ' চি এলৰ অস্মিতা চলিহাই অইলৰ অনুপমা উপাধ্যায়ক প্রথম ছিংগলছত পৰাজিত কৰে। ডাবোলছত অস্মিতা চলিহা আৰু বাৰুণী পাচৱাল যুটিয়ে অইলৰ ঈশ্বাৰাণী বৰুৱা আৰু অনুপমা উপাধ্যায় যুটিক হৰুৱায়। অৱশ্যে আনখন ছিংগলছত অই লৰ ঈশ্বাৰাণী বৰুৱাই আই অ'চি এলৰ আন্দলুৰি তনভি ৰেড্ডীক পৰাজিত কৰে। সামগ্রিকভাৱে ২-১ মেচত আই অ'চি এল চেম্পিয়ন হয়।

Share This