মনোনয়ন দাখিল কৰি বি পি এফ প্রধান হাগ্রামা মহিলাৰীয়ে ক'লে, বি পি এফে ২০খনতকৈ অধিক আসনত জয়লাভ কৰিব

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্ক : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'লগীয়া বিটি আৰৰ পৰিষদীয় নির্বাচনক কেন্দ্ৰ কৰি সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। সোমবাৰে ইউ পি পি এল আৰু বি পি এফৰ প্ৰক্ষেপিত প্রার্থীসকলে মনোনয়ন পত্র দাখিল কৰে। প্রমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ প্রার্থী ছাইখং বসুমতাৰী, ১৪ নং চিৰাংদুৱাৰ সমষ্টিৰ দলীয় প্রার্থী খাফা বৰগয়াৰী আৰু ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্রহ্মাই সহস্রাধিক দলীয় সমর্থকক লগত লৈ মনোনয়ন-পত্র দাখিল কৰে। মনোনয়ন-পত্র দাখিল কৰা অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ অভিভাৱক মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বি টি চিৰ পৰিষদীয় নির্বাচনত ইউ পি পি এলে জয়লাভ কৰাটো নিশ্চিত। আমি কোনো দলৰ বিৰুদ্ধে টানকৈ যুঁজিব লগা নহ'ব, চিৰাঙত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ ইউ পি পি এলৰ বাবে কোনো ফেক্টৰ নহয় বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। লগতে তেওঁ কয় যে জিলাখনত বিৰোধী দলে কোনো এটা ছীটতে জয়লাভ কৰিব নোৱাৰিব। বিজেপি দলে প্রার্থিত্ব প্রদান কৰা সন্দৰ্ভতো তেওঁ কয় যে বিজেপি দলে চিৰাং জিলাত কোনো এটা ছাঁটতে জিকিব পৰা অৱস্থাত নাই। ইপিনে ১৪ নং চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ লগতে ১৫ নং কাজলগাঁও সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী পানীৰাম ব্রহ্ম আৰু ১৩ নং চিৰাং সমষ্টিৰ প্রার্থী শুকুৰসিং বসুমতাৰীয়ে আজি মনোনয়ন-পত্র দাখিল কৰে।

 হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন-পত্র দাখিল কৰে এই তিনিওগৰাকী বি পি এফ প্রার্থীয়ে। মনোনয়ন-পত্র দাখিল কৰি সংবাদ মাধ্যমৰ আগত বি পি এফৰ প্ৰধান হাগ্রামা মহিলাৰীয়ে কয় যে খাফা বৰগয়াৰী আৰু চন্দন ব্রহ্মই বি পি এফত থাকোঁতে ৰাইজক দমন কৰি ৰাখিছিল। দুয়োজনে ইউ পি পি এলত যোৱাৰ বাবে বি পি এফৰ ভালহে হৈছে। ইউ পি পি এল দলে খাফা বৰগয়াৰী আৰু চন্দন ব্রহ্মক হৰুৱাবৰ বাবেহে প্রার্থিত্ব প্রদান কৰিছে বুলিও মন্তব্য প্রকাশ কৰে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে।

 আনহাতে আগন্তুক বি টি চিৰ পৰিষদীয় ৰিজাল্টৰ তালিকাত ইউ পি পি এল দল তিনি নম্বৰত থাকিব বুলি উল্লেখ কৰি আগন্তুক পৰিষদীয় নির্বাচনত বি পি এফ দলে বিশখনতকৈ অধিক আসনত জয়লাভ কৰিব বুলিও তেওঁ মন্তব্য প্রকাশ কৰে।

Share This