চীনৰ বজাৰত 'ব্ৰহ্মছ'ৰ আঘাত, ফিলিপাইন, ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়াই কিনিলে ভাৰতৰ অত্যাধুনিক ক্ষেপণাস্ত্র

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : অত্যাধুনিক ক্ষেপণাস্ত্ৰৰে দক্ষিণ চীন সাগৰৰ চাৰিওদিশে ভাৰতে প্ৰস্তুত কৰা সমৰসজ্জাই বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ হিচাপে পৰিচিত চীনক উদ্বিগ্ন কৰি তুলিছে। আছিয়ান (এছ'চিয়েশ্যন অব্ ছাউথ-ইষ্ট এছিয়ান নেশ্যনছ) দেশসমূহৰ চাৰিসীমাত ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ উপস্থিতিয়ে চীনা নৌ সেনাৰ অভিযানত নেতিবাচক প্রভাব পেলোৱাৰ আশংকা কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামৰিক বিশেষজ্ঞসকলে। উল্লেখযোগ্য যে যোৱা কিছু বছৰ ধৰি দক্ষিণ চীন সাগৰত চীনে নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে। কিন্তু শেহতীয়াকৈ বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পথ দক্ষিণ চীন সাগৰত ভাৰতৰ উপস্থিতিয়ে চীনৰ একাধিপত্যৰ অৱসান ঘটোৱাৰ আশংকা কৰিছে দেশখনে। 

দক্ষিণ চীন সাগৰৰ ৯০ শতাংশ অঞ্চলেই নিজৰ বুলি চীনে দাবী কৰি আহিছে। ভিয়েটনাম, ফিলিপাইন, মালয়েছিয়া আদি দেশক একাষৰীয়া কৰি চীনে দক্ষিণ চীন সাগৰত 'বিশেষ অর্থনৈতিক মণ্ডলো' গঠন কৰিছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ তিনি ৰাষ্ট্র ভ্রমণে চীনৰ সকলো পৰিকল্পনাকে ওলট-পালট কৰি দিলে। মোদীৰ শেহতীয়া ইণ্ডোনেছিয়া ভ্রমণ কালত দেশখনৰ সৈতে ভাৰতে ৬ হাজাৰ কোটি টকাৰ ক্ষেপণাস্ত্র চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিত ভাৰতে ব্ৰহ্মছ ছুপাৰছনিক ক্রুজ মিছাইল আৰু দীর্ঘ দূৰত্বৰ এয়াৰ টু এয়াৰ মিছাইল 'অস্ত্র' দেশখনলৈ ৰপ্তানিৰ সিদ্ধান্ত চূড়ান্ত কৰে। ভাৰতৰ ব্ৰহ্মছে এতিয়া টোপনি কাঢ়িছে চুবুৰীয়া চীনৰ। ইণ্ডোনেছিয়াক 'ব্রহ্মছ' আৰু 'অস্ত্র' ক্ষেপণাস্ত্র বিক্ৰী কৰাটোক সহজভাবে ল'ব পৰা নাই চীনে। দেশখনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ (পি এল এ) নৌ অভিযানত ব্রহ্মছে বাধা হৈ থিয় দিয়াৰ আশংকা কৰিছে চীনা নৌ সেনাৰ বিশেষজ্ঞসকলে। 

উল্লেখযোগ্য যে ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্র আমদানি কৰাৰ পাছত দক্ষিণ চীন সাগৰৰ দাঁতিকাষৰীয়া ব্ৰহ্মছ ক্ষেপণাস্ত্র সম্পন্ন তৃতীয়খন দেশত পৰিণত হ'ল ইণ্ডোনেছিয়া। ইয়াৰ পূৰ্বে ফিলিপাইন আৰু ভিয়েটনামেও ভাৰতৰ থলুৱাভাৱে নির্মিত ছুপাৰছনিক ব্ৰহ্মছ ক্ষেপণাস্ত্র ক্ৰয় কৰিছিল। ফিলিপাইনে টাইৱান প্রণালীলৈ লক্ষ্য কৰাই লুজান দ্বীপৰ উত্তৰত আৰু দক্ষিণ চীন সাগৰক লক্ষ্য কৰি পালাৱান দ্বীপত ব্রহ্মছ ক্ষেপণাস্ত্র মোতায়েন কৰি ৰাখিছে। দক্ষিণ চীন সাগৰত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সামৰিক অনুশীলনো চলি আহিছে। চীনে এই কৌশলগতভাৱে গুৰুত্বপূর্ণ অঞ্চলটোত দীর্ঘদিন দদপাই আছিল যদিও এতিয়া এই সাগৰৰ চাৰিওদিশে ভাৰতৰ ব্ৰহ্মছৰ মোতায়েনে চুবুৰীয়া ৰাষ্ট্ৰখনৰ আধিপত্যৰ কাৰ্যতঃ অৱসান পেলাইছে। যিয়েই উদ্বিগ্ন কৰি তুলিছে দেশখনক।

Share This