ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ

dainik janambhumi November 07, 2025

ডিজিটেল ডেস্ক : ভোট চুৰিৰ নতুন অভিযোগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে এখন সংবাদমেলত ব্রাজিলৰ এগৰাকী মডেলৰ ফটো প্ৰদৰ্শন কৰি দাবী কৰিছিল যে হাৰিয়ানাৰ ভোটাৰ তালিকাত উক্ত ফটোখন ২২ বাৰ দেখা গৈছে। 

লাৰিছা বুলি চিনাক্ত হোৱা ব্রাজিলৰ উক্ত মহিলাগৰাকীয়ে বৃহস্পতিবাৰে এই ঘটনাত আশ্চর্য প্রকাশ কৰে। তেওঁ কয় যে উক্ত ফটোখন হৈছে তেওঁৰ মডেলিঙৰ প্ৰথম সময়ছোৱাৰ ২০ বছৰীয়া পুৰণি ফটো। 

তেওঁ আৰু স্পষ্ট কৰে যে তেওঁ এতিয়া মডেল নহয়। লাৰিছাই কয়, 'ভাৰতৰ ৰাজনীতিৰ সৈতে মোৰ একো কৰিবলগীয়া নাই। মোৰ ফটোখন ষ্টক ইমেজ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰা হৈছে আৰু মই জড়িত নোহোৱাকৈ ব্যৱহাৰ কৰা হৈছে। ভোট দিয়া মানুহগৰাকী মই নহয়। মই কেতিয়াও ভাৰতলৈ যোৱা নাই।'

Share This