সন্ত্রাসবাদক প্রশ্রয় নিদিয়াৰ নীতিত ঐকমত্য ব্রিক্‌ছ

dainik janambhumi July 08, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদ মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। ইয়াত অনুষ্ঠিত ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) শীৰ্ষ সন্মিলনত দিয়া ভাষণত প্রধানমন্ত্রীয়ে এইদৰে কয়। প্রধানমন্ত্রীয়ে কয় যে অলপতে পহলগামত অমানৱীয় আৰু কাপুৰুষালি সন্ত্রাসবাদী আক্রমণ হৈছিল। ই মানৱতাৰ ওপৰত আক্ৰমণ। শীর্ষ সন্মিলনত প্রধানমন্ত্রীয়ে 'পিচ এণ্ড ছিকিউৰিটী এণ্ড ৰিফৰ্ম অব্ গ্ল'বেল গভর্নেন্স' শীর্ষক বৈঠকত ভাষণ দি প্রধানমন্ত্রীয়ে শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি চুবুৰীয়া দেশক সমালোচনা কৰে। 

প্ৰধানমন্ত্ৰীয়ে চীনৰ নাম উল্লেখ নকৰাকৈ দেশখনক সমালোচনা কৰি কয় যে সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণযোগ্য নহয়। কোনো দেশে প্রত্যক্ষ বা পৰোক্ষভাৱে সন্ত্রাসবাদক সমর্থন জনালে এই দেশবোৰে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব। প্রধানমন্ত্রীয়ে ভাষণত লগতে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপত কোনো দেশে কুণ্ঠাবোধ কৰিব নালাগে। 

তেওঁ কয় যে সন্ত্রাসবাদক সমর্থন অথবা ইয়াৰ প্ৰতি মৌন সন্মতিক সহ্য কৰা নহ'ব। এই বিষয়টোত সকলো দেশকে সিদ্ধান্ত ল'বলৈ আহ্বান জনায় প্রধানমন্ত্রীয়ে। মোদীয়ে ভাষণত কয় যে ভাৰতে মহাত্মা গান্ধী আৰু গৌতম বুদ্ধৰ পৰা অনুপ্ৰেৰণা লাভ কৰি শান্তিৰ পথেৰে আগবঢ়াটো অব্যাহত ৰাখিব। তেওঁ কয় যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয় শান্তি মানৱতাৰ কল্যাণৰ বাবে আটাইতকৈ উত্তম পথ হৈয়ে থাকিব।

Share This