ডিজিটেল ডেস্ক : অসমৰ বৈষ্ণৱীয় আৰু সত্ৰীয়া সংস্কৃতিক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰাৰ এক ঐতিহাসিক ক্ষণৰ দিশে আগবাঢ়িছে মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্র। ব্ৰিটিছ সংসদত অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ত ভাষণ আগবঢ়াবলৈ আমন্ত্রণ লাভ কৰা সত্ৰখনৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী কালি সত্ৰৰ পৰা আনুষ্ঠানিকভাৱে লণ্ডন যাত্ৰাৰ উদ্দেশ্যে ৰাওনা হয়।
সত্ৰৰ পৰিসৰত আয়তীৰ উৰুলি, নাম-প্ৰসংগ আৰু মহাপ্ৰভুৰ আশীৰ্বাদৰ মাজেৰে বিদায় জনোৱা হয় সত্ৰাধিকাৰগৰাকীক। এই ঐতিহাসিক যাত্রাই অসমৰ সত্ৰীয়া সমাজৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিছে। কিয়নো প্ৰথমবাৰৰ বাবে অসমৰ সত্ৰীয়া পৰম্পৰাৰ এগৰাকী সত্ৰাধিকাৰে ব্ৰিটিছ সংসদত অসমৰ সংস্কৃতি আৰু সমাজজীৱনৰ বিষয়ত ভাষণ আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে।
উল্লেখযোগ্য যে অহা ১৭ জুনত সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ ব্ৰিটিছ সংসদৰ কমিটী কক্ষ ১৫ত 'অসমৰ বৈষ্ণৱীয় সংস্কৃতি' শীর্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। ব্রিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত 'অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ' বিষয়ত মুখ্য ভাষণ আগবঢ়াব সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।
অনুষ্ঠানটোত ৬০ৰো অধিক সাংসদ, বিশিষ্ট অতিথি, সমাজনেতা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্রতিনিধিসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে অসমৰ পৰম্পৰাগত নৃত্য-সংগীত, শিল্প-সংস্কৃতিৰ উপস্থাপন আৰু সাংস্কৃতিক বিনিময়মূলক বিভিন্ন কার্যসূচীও অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে অসমৰ চহকী বৈষ্ণৱীয় আৰু সত্রীয়া সংস্কৃতিক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ সুযোগ লাভ কৰাটো তেওঁৰ বাবে এক গৌৰৱৰ বিষয়। সত্ৰীয়া সমাজৰ এজন সেৱক হিচাপে এই ঐতিহ্যৰ সংৰক্ষণ, বিকাশ আৰু বিশ্বব্যাপী প্ৰচাৰৰ ক্ষেত্ৰত কাম কৰি যোৱাটো নিজৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। জানিব পৰা মতে, সত্ৰাধিকাৰগৰাকীয়ে কালি উত্তৰ গুৱাহাটীত উপস্থিত হৈ নিশা কটাব। তাৰ পাছত আজি সন্ধিয়া গুৱাহাটী-মুম্বাই বিমানযোগে যাত্রা কৰি মুম্বাইত নিশাটো অতিবাহিত কৰাৰ পাছত বুধবাৰে লণ্ডন অভিমুখে উৰা মাৰিব।
অসমৰ বৈষ্ণৱীয় দর্শন, শ্রীমন্ত শংকৰদেৱ-মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰীয়া সংস্কৃতি আৰু সমাজ সংহতিৰ বাণী ব্ৰিটিছ সংসদত প্রতিধ্বনিত হ'ব লগীয়া এই অনুষ্ঠানক ৰাজ্যখনৰ সাংস্কৃতিক ইতিহাসত এক স্মৰণীয় মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। বিশেষকৈ বিশ্বমঞ্চত অসমৰ ঐতিহ্য, সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধক অধিক পৰিচিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন দুৱাৰ মুকলি কৰিব বুলি বিভিন্ন মহলে আশা প্রকাশ কৰিছে। লণ্ডনৰ ব্ৰিটিছ পার্লিয়ামেণ্টত ১৭ জুনত অসমৰ সমৃদ্ধ বৈষ্ণৱ সংস্কৃতিৰ গৌৰৱোজ্জ্বল ঐতিহ্য প্রতিধ্বনিত হ'ব। এই বিশেষ অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্রতিভা, দর্শন, সাহিত্য, সংস্কৃতি আৰু সমাজ সংস্কাৰৰ অনন্য অৱদান বিশ্ব দৰবাৰত দাঙি ধৰা হ'ব। 'অসমৰ বৈষ্ণৱ সংস্কৃতি' শীর্ষক বিষয়ত বিশেষ বক্তৃতা আগবঢ়াব শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। অসমৰ বৈষ্ণৱ ধৰ্ম-সংস্কৃতিৰ বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত এই অনুষ্ঠান এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্রকাশ কৰা হৈছে। ব্রিটেইনলৈ যাত্রা কৰাৰ পূৰ্বমুহূৰ্তত আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক বিশেষভাৱে সম্বর্ধনা জনায় All & Sundry NGO আৰু Pustimaan Milletsৰ প্ৰতিষ্ঠাপক অভিষেক সিংহই। এই সম্বর্ধনা অনুষ্ঠানত অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহ্যমূলক মূল্যবোধক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাৰ বাবে সত্ৰাধিকাৰগৰাকীৰ আগন্তুক প্ৰচেষ্টাৰ সফলতা কামনা কৰা হয়।
উল্লেখযোগ্য যে, ব্রিটিছ পালিয়ামেণ্টৰ দৰে এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ উপস্থাপনৰ এই সুযোগে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। এই কার্যসূচীয়ে বিশ্ব সমাজত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি অধিক আগ্ৰহ আৰু সমাদৰ বৃদ্ধি কৰাত সহায়ক হ'ব বুলি আশা প্রকাশ কৰা হৈছে।