৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ

dainik janambhumi October 05, 2025

ডিজিটেল ডেস্কঃ ব্ৰিটিছ প্রধানমন্ত্রী কীয়াৰ ষ্টাৰ্মাৰে ৮-৯ অক্টোবৰত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ভাৰতলৈ তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্রমণ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণক্রমে ভ্রমণ কার্যসূচী গ্রহণ কৰা ষ্টাৰ্মাৰে ৯ অক্টোবৰত মুম্বাইত মোদীৰ সৈতে বৈঠকত মিলিত হ'ব।

তেওঁলোকে 'ভিজন ২০৩৫' অনুসৰি ভাৰত-ইউ কেৰ সৰ্বাত্মক ৰণকৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিব। দুয়োজন নেতাই ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰৰ নেতৃবৃন্দৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ষ্টাৰ্মাৰে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ 'গ্ল'বেল ফিনটেক ফেষ্ট'তো অংশগ্ৰহণ কৰিব।

Share This