ডিজিটেল ডেস্ক: হৰমুজ প্রণালীত সামগ্ৰী পৰিবাহী জাহাজৰ সুৰক্ষাৰ বাবে ব্রিটেইনে পশ্চিম এছিয়াত মোতায়েন কৰিছে শত্ৰুৰ এয়াৰ ডিফেন্স ধ্বংস কৰিব পৰা যুঁজাৰু জাহাজ 'এইচ এম এছ ড্রেগন'।
শেহতীয়াকৈ হৰমুজ প্রণালীৰ দাঁতি-কাষৰীয়া অঞ্চলত চীনৰ এখন তেলৰ টেংকাৰ আৰু ভাৰতৰ এখন উডেন ঢৌত (পৰম্পৰাগত জাহাজ) শত্ৰুৰ আক্রমণত কেইবাজনো লোকৰ মৃত্যু হৈছিল। তাৰ পাছতেই ব্রিটেইন আৰু ফ্রান্সে হৰমুজ প্রণালীত জাহাজ আৰু ইয়াৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে আঁচনি গ্রহণ কৰে। এই আঁচনিৰ অংশ হিচাপেই ব্রিটেইনে পশ্চিম এছিয়ালৈ শত্রু পক্ষৰ এয়াৰ ডিফেন্স ছিষ্টেম ছুৰমাৰ কৰি দিব পৰা 'এইচ এম এছ ড্রেগন' মোতায়েনৰ সিদ্ধান্ত লয়।
হৰমুজ প্রণালীত নিৰাপত্তাৰ স্বাৰ্থতে দুয়োখন দেশে এই সিদ্ধান্ত লৈছে। ব্রিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই কথা প্রকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰই আৰু কয় যে ব্রিটেইন আৰু ফ্ৰান্সৰ নেতৃত্বৰ এই মিছনে হৰমুজ প্রণালীত বাণিজ্যিক জাহাজসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে যুদ্ধৰ শেষত হৰমুজ প্রণালীত পুতি ৰখা মাইন বিচাৰি উলিওৱাত সহায় কৰিব।
ইফালে, চীনৰ তেল টেংকাৰত আক্ৰমণৰ পাছত শনিবাৰে চীনা চৰকাৰে হৰমুজ প্রণালীৰে বাধাহীনভাবে জাহাজ চলাচলৰ ব্যৱস্থা কৰাৰ লগতে সাধাৰণ লোকৰ জাহাজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আঞ্চলিক দেশসমূহলৈ অহ্বান জনাইছে।