'অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ

dainik janambhumi October 03, 2025

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ উপলক্ষত এটা পৰম্পৰাগত 'সশস্ত্র পূজা'ৰ বৃহস্পতিবাৰে আয়োজন কৰে ৰাজস্থানৰ জয়ছালমেৰত নিয়োজিত হৈ থকা সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) ১০৫৫ পদাতিক বাহিনীয়ে। এই অনুষ্ঠানতে বি এছ এফৰ জোৱনসকলে 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ব্যৱহাৰ কৰা অস্ত্র-শস্ত্ৰবোৰৰ পূজা কৰে।

উল্লেখযোগ্য যে পহলগাম-কাণ্ডৰ পাছত পাকিতানক 'অপাৰেশ্যন সেন্দুৰ'ৰ  জৰিয়তে ভাৰতীয় সামৰিক বাহিনীয়ে যোগ্য প্রত্যুত্তৰ দিছিল। অস্ত্র-শস্ত্ৰবোৰক 'দেৱতা' হিচাপে গণ্য কৰি শক্তি মন্ত্র উচ্চাৰণেৰে বি এছ এফৰ জোৱানসকলে ফুলেৰে অস্ত্র-শস্ত্ৰবোৰক পূজা-অর্চনা আগবঢ়ায়।

Share This