দুর্গা পূজাৰ আগে-পিছে হ'ব বি টি চিৰ নিৰ্বাচন

dainik janambhumi July 13, 2025

ডিজিটেল ডেস্ক : শাৰদীয় দুর্গোৎসৱৰ আগে-পিছে অনুষ্ঠিত হ'ব বি টি চি নির্বাচন। ইতিমধ্যে নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ লগতে সাজু হৈছে নির্বাচন আয়োগ। সেই অনুসৰি ৰাজ্যিক নির্বাচন আয়োগে বি টি চি নিৰ্বাচনৰ বাবে অহা ২২ জুলাইত খচৰা ভোটাৰ তালিকা প্রকাশ কৰাৰ পাছত ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ সিদ্ধান্ত লৈছে। আনহাতে খচৰা ভোটাৰ তালিকা প্রকাশৰ পাছত কোনো ওজৰ-আপত্তি থাকিলে সেয়া দাখিল কৰাৰ বাবে অন্তিম দিন ধার্য কৰা হৈছে ৫ আগষ্ট। 

ইয়াৰ পাছত ১১ আগষ্টৰ ভিতৰত সকলো ওজৰ-আপত্তি নিষ্পত্তি কৰি ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। আনহাতে ১৮ আগষ্টৰ ভিতৰত বি টি চিৰ ভোটাৰ কেন্দ্ৰসমূহ চূড়ান্ত কৰা হ'ব। উল্লেখযোগ্য যে বি টি চি নির্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলবোৰে প্ৰচাৰ আৰম্ভ কৰিছে। বিশেষকৈ বিজেপিয়ে নির্বাচনী প্ৰচাৰত সৰ্বাধিক গুৰুত্ব দি এতিয়াৰে পৰাই বিভিন্ন স্থানত ৰাজহুৱা সভাৰ আয়োজন কৰিছে। একেদৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফ আৰু প্রমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলেও বড়োলেণ্ডত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে। 

এই তিনিটা দলৰ বিপৰীতে কিন্তু কংগ্রেছে এতিয়াও বড়োলেণ্ডত বিশেষ প্ৰচাৰ কাৰ্য আৰম্ভ কৰা নাই। যিহেতু অহা বৰ্ষৰ এপ্রিল, মে' মাহত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ'ব সেয়েহে বিধানসভাৰ পূৰ্বে অনুষ্ঠিত হ'ব লগীয়া বি টি চি নির্বাচনক ৰাজনৈতিক দলবোৰে অত্যন্ত গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছে।

Share This