অভিলেখ গঢ়াৰ সুযোগ বুমৰাহৰ

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া টেষ্ট শৃংখলা অহা ২০ জুনত আৰম্ভ হ'ব। ইংলেণ্ডৰ মাটিত প্রথম ভাৰতীয় বলাৰ হিচাপে ৫০টা টেষ্ট উইকেট দখলৰ সুযোগ লাভ কৰিব যশপ্রীত বুমৰাহে। বর্তমান ৮খন টেষ্টত তেওঁৰ নামত আছে ৩৭টা উইকেট। আসন্ন ৫খনীয়া টেষ্ট শৃংখলাত আৰু ১৩টা উইকেট দখল কৰিব পাৰিলেই ৫০টা চিকাৰৰ মাইলৰ খুঁটিত উপনীত হ'ব বেগী বলাৰগৰাকী। এই পর্যন্ত ইংলিছ বাহিনীৰ বিৰুদ্ধে সেই দেশৰ মাটিত ভাৰতীয় বলাৰৰ ভিতৰত সৰ্বাধিক উইকেট দখলৰ তালিকাত শীর্ষ স্থানত আছে ঈশান্ত শর্মা। 

ঈশান্তে ১৪খন টেষ্টত দখল কৰিছিল ৪৮টা উইকেট। তালিকাত ঈশান্তৰ পাছত আছে কপিল দেৱ। ১৩খন টেষ্টত কপিলৰ চিকাৰৰ সংখ্যা হ'ল ৪৩টা। ইয়াৰ পাছতেই আছে বুমৰাহ। আসন্ন শৃংখলাত তেওঁ তৃতীয় স্থানৰ পৰা শীৰ্ষত আৰোহণৰ সম্ভাৱনা ৰৈছে। 

অৱশ্যে ইংলেণ্ডত কেউখন টেষ্টতে বুমৰাহক নাপাব পাৰে ভাৰতে। আঘাত সামৰি উভতি অহা বুমৰাহে ৫খন টেষ্টৰ তিনিখনতহে খেলাৰ সম্ভাৱনা আছে। কোন তিনিখন টেষ্টত বুমৰাহে খেলিব সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। প্রশিক্ষক গৌতম গম্ভীৰে জানিবলৈ দিয়া মতে, শৃংখলাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বুমৰাহৰ সৈতে আলোচনাৰ মাজেৰে সিদ্ধান্ত লোৱা হ'ব।

Share This