ডিজিটেল ডেস্কঃ শেহতীয়া সংস্কৰণৰ উইজডেন ক্রিকেটাৰ্ছ এলমেনাকৰ বিশ্বৰ অগ্ৰণী ক্রিকেটাৰৰ সন্মান লাভ কৰিছে ভাৰতৰ দুই তাৰকা যশপ্রীত বুমৰাহ আৰু স্মৃতি মান্ধানাই। ২০২৪ চনত দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এই সন্মান লাভ কৰে বুমৰাহে। ক্ৰিকেটৰ কেউটা সংস্কৰণত বুমৰাহে উন্নত প্রদর্শন দাঙি ধৰাৰ লগতে আৰু ৱেষ্ট ইণ্ডিজত ভাৰতে-টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰাৰ লগে লগে তেওঁ প্রতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো পাইছিল।
ইফালে, ২০২৪ চনত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদতে অ'পেনাৰ মান্ধানাই বৰ্ষশ্রেষ্ঠ অগ্রণী ক্রিকেটাৰৰ বঁটা পায়। সেই ছিজনটোত পাঁচটা শতৰান কৰিছিল মান্ধানাই। ইয়াৰ মাজত আছিল ৪টা এদিনীয়া আন্তর্জাতিক শতৰান। মান্ধানাৰ নেতৃত্বতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা বছৰত প্ৰথমবাৰলৈ মহিলাৰ প্রিমিয়াৰ লীগৰ খিতাপ জয় কৰিছিল। আনহাতে, ৱেষ্ট ইণ্ডিজৰ বেটাৰ নিকলাছ পুৰাণে বৰ্ষশ্রেষ্ঠ টি-২০ খেলুৱৈৰ বঁটা লাভ কৰে।
ইংলেণ্ডৰ গাছ আটকিনছন, জেমী স্মিথ আৰু ছুফী ইকলষ্টনসহ লিয়াম জছন আৰু ডন ৱৰেলে উইজডেনৰ বৰ্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান অর্জন কৰে। ইয়াৰ উপৰি, ৩১ বছৰীয়া বুমৰাহে ২০২৪ ছিজনত ১৪.৯২ গড়ে ৭১টা টেষ্ট উইকেট লাভ কৰিছিল। অষ্ট্ৰেলিয়াত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহে ১৩.০৬ গড়ে দখল কৰিছিল ৩২টা উইকেট। আনহাতে, ২৪ বছৰীয়া মান্ধানাই ২০২৪ চনত কেউটা সংস্কৰণ মিলি সংগ্ৰহ কৰিছিল ১৬৫৯ ৰান। দুবাৰ উইজডেনৰ বঁটা লাভ কৰা মান্ধানাই (১৪৯) যোৱা ছিজনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০ উইকেটত জয়ী হোৱা টেষ্টখনত নিজৰ দ্বিতীয়টো টেষ্ট শতৰান পূৰ কৰিছিল।