ডিজিটেল ডেস্ক : বগা বলৰ ক্ৰিকেটত আধিপত্য থকাৰ পাছতো ৰঙা বলৰ খেলত ভাৰত ধাৰাবাহিকভাৱে ব্যর্থ হৈ আহিছে। বর্তমান ষষ্ঠ স্থানত থকা ভাৰতৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাটো যথেষ্ট কঠিন। সেইবাবেই ভাৰতীয় ক্রিকেট ব'ৰ্ডে বিচাৰিছে যে যশপ্রীত বুমৰাহে সকলো টেষ্টতে খেলিব লাগে।
চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত শ্রীলংকা আৰু নিউজলেণ্ডৰ বিৰুদ্ধে ভাৰতে দুখনকৈ টেষ্ট খেলিব। ইয়াৰ পাছত ভাৰতে ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব। ভাৰতীয় দলে এই ৯খন টেষ্টত ভাল খেলি ফাইনেলত প্ৰৱেশৰ লক্ষ্য লৈছে। দলীয় মেনেজমেন্ট আৰু নিৰ্বাচকে অহা বছৰৰ এদিনীয়া বিশ্ব কাপৰ প্ৰতি দৃষ্টি ৰাখিলেও এই মুহূৰ্তত ব'ৰ্ডৰ মূল লক্ষ্য হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। সেই ক্ষেত্ৰত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে।
বি চি চি আইৰ এক সূত্ৰই কয়, 'বুমৰাহক কেউখন টেষ্টৰ বাবে ফিট কৰি ৰখাৰ চেষ্টা চলোৱা হৈছে। আশা কৰা হৈছে যে বুমৰাহে শ্রীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে চাৰিওখন টেষ্টতে খেলিব। পিছে বৃহৎ প্রত্যাহ্বান হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰৰ মাটিত ৫খনীয়া শৃংখলাৰ বাবে বুমৰাহক সতেজ কৰি ৰখা। দৰকাৰ হ'লে তেওঁক দুখনমান এদিনীয়া শৃংখলাত বিশ্রাম দিয়া হ'ব পাৰে।