উধমপুৰত বাছ দুর্ঘটনা, ২১ যাত্রী নিহত

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ উধমপুৰ জিলাত কালি ৰামনগৰৰ পৰা অহা এখন বাছ কগোটৰ ওচৰত পথৰ পৰা প্ৰায় ১০০ মিটাৰ তলত বাগৰি পৰাৰ ফলত ২১জন লোক নিহত আৰু আন ২৯জন লোক আহত হয়। 

দুর্ঘটনাটো কালি পুৱা ১০ বজাত ঘটে আৰু সেই সময়ত বাছখনত ৫০জন যাত্ৰী আছিল। ইয়াৰে অধিকাংশ যাত্ৰী ৰামপুৰৰ পৰা উধমপুৰলৈ গৈ আছিল নিজৰ দৈনন্দিন কামৰ বাবে। ১৫জন যাত্ৰীৰ ঘটনাস্থলীতে নিহত হয় আৰু ছজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। আহত যাত্ৰীৰ মতে, বাছখনত অত্যধিক যাত্ৰী আছিল আৰু তীব্র বেগত গৈ আছিল। তেওঁলোকৰ মতে, কগোট খালৰ কাষত বাছখনৰ হঠাতে এটা চকা ফুটে আৰু চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। তীব্র বেগী বাছখনে এখন অট'ৰিক্সাক খুন্দিয়াই তলত থকা পথত লুটি খাই পৰে। 

অট'ৰিক্সাখনত থকা যাত্রীসকলে আঘাত পায় বুলি স্থানীয় আৰক্ষীয়ে প্রকাশ কৰে। বাছখনৰ ওপৰৰ অংশটো সম্পূর্ণৰূপে ধ্বংস হয়। বাছখন ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আছিল। ইফালে প্রধানমন্ত্রীয়ে নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু প্ৰতিজনৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

Share This