উত্তৰাখণ্ডত বাছ দুর্ঘটনা: ৩জন তীর্থযাত্রী নিহত, ৮জন আহত

dainik janambhumi June 27, 2025

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত তীর্থযাত্রী কঢ়িয়াই নিয়া ৩১খন আসনবিশিষ্ট এখন বাছ বৃহস্পতিবাৰে অলকানন্দা নদীত পৰাত কমেও ৩জন লোকৰ প্ৰাণহানি হয়। এই দুর্ঘটনাত ৮জন লোক আহত হয় আৰু অন্য ৯জন লোক সন্ধানহীন হয়। আৰক্ষীয়ে এই কথা প্রকাশ কৰে। 

দুর্ঘটনাগ্রস্ত বাছখনে ৰাজস্থান, গুজৰাট, মধ্য প্রদেশ আৰু মহাৰাষ্ট্ৰৰ যাত্ৰীসহ বদ্রীনাথ অভিমুখে যাত্ৰা কৰিছিল। বদ্রীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰুদ্ৰপ্ৰয়াগ আৰু গৌচৰৰ মাজৰ ঘল্টিৰ গাঁৱত বাছখন দুর্ঘটনাত পতিত হয়। অলকানন্দা নদীৰ প্ৰবল সোঁতে উদ্ধাৰ আৰু সাহায্য অভিযানত প্রত্যাহ্বানৰ সৃষ্টি কৰিলেও স্থানীয় গাঁওবাসীৰ সহযোগত এই কার্য সুকলমে চলি আছে।

Share This