ব্যৱসায়ীক ধন দাবী ,অগপ নেতা ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল অগপ নেতা ছাদ্দাম হুছেইন। চেঙা বিধানসভা সমষ্টিত এইবাৰ অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ছাদ্দাম হুছেইনক কালি দিছপুৰ আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। শিলচৰৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে ছাদ্দাম। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি শিলচৰৰ এজন ব্যৱসায়ীৰ পৰা ছাদ্দাম হুছেইনে ৩ কোটি টকা দাবী কৰিছিল। এই সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ীগৰাকী দিছপুৰ আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ পাছতেই কালি ছাদ্দামে ব্যৱসায়ীজনৰ পৰা দাবী কৰা ধনখিনি ল'বলৈ আহোতেই আৰক্ষীৰ পূৰ্ব পৰিকল্পিতভাৱে খাপ পিটি ৰৈ থাকি গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত ধন সংগ্ৰহ কৰাৰ সময়তেই তেওঁক গ্ৰেপ্তাৰ কৰে। ইফালে গ্ৰেপ্তাৰ হোৱাৰ সময়ত ছাদ্দামে 'এয়া সকলো ষড়যন্ত্র, মই পাবলগীয়া ধন বিচাৰোতে এইবোৰ ষড়যন্ত্ৰ কৰিছে' বুলিহে সাংবাদিকৰ আগত চিঞৰি কয়। বিধায়ক হোৱাৰ সপোন দেখা ছাদ্দাম হুছেইনৰ এতিয়া ঠিকনা হ'ব কাৰাগাৰ। আৰক্ষীয়ে ছাদ্দামৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। 

উল্লেখযোগ্য যে, ছাদ্দাম হুছেইনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে বহু বিস্ফোৰক অভিযোগ। ২০১৮ চনত বেংক বিষয়া জুনু শর্মা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগতো গ্ৰেপ্তাৰ হৈছিল ছাদ্দাম হুছেইন। পিছে এইগৰাকী অপৰাধীকে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত চেঙা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল অসম গণ পৰিষদ দলে। অৱশ্যে নির্বাচনত চেঙা সমষ্টিৰ পৰা মাত্র ৫৮৭৯টাহে ভোেট লাভকৰি ছাদ্দাম হুছেইনে শোচনীয় পৰাজয় স্বীকাৰ কৰিছিল।

Share This