বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন, প্রি-কোৱাৰ্টাৰত তনভী, উন্নতি, ৰক্ষিতা

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ তিনি মহিলা শ্বাটলাৰ তনভী শৰ্মা, উন্নতি হুদা আৰু ৰক্ষিতা শ্রীয়ে চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ কৰিছে। গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ আজি অনুষ্ঠিত খেলত বিশ্ব ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনভীয়ে ইণ্ডোনেছিয়াৰ অই উইনার্টোক ১৫-১২, ১৫-৭ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। ইফালে, অষ্টম বাছনিৰ উন্নতি হুদাই আমেৰিকাৰ এলিছ বাঙক ১৫-৮, ১৫-৫ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম ১৬ত স্থান নিশ্চিত কৰাৰ বিপৰীতে দশম বাছনিৰ ৰক্ষিতা শ্রীয়ে প্রথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্রত্যাৱৰ্তন ঘটাই ১১-১৫, ১৫-৫, ১৫-৮ৰ ব্যৱধানত ছিংগাপুৰৰ আলিয়া জাকাৰিয়াক হৰুৱাই প্রি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়। 

ইফালে, পুৰুষৰ ছিংগলছত আজি তৃতীয় ৰাউণ্ডৰ মেচত পৰাজয় স্বীকাৰ কৰি বিদায় লয় দুই ভাৰতীয় শ্বাটলাৰ ৰ'ণক চৌহান আৰু মিজোৰামৰ লালথাজুৱালা হামাৰে। ৰ'ণকক চীনৰ লি জি হাঙে ১১-১৫, ১২-১৫ৰ ব্যৱধানত তথা হামাৰক ইউ এ ইৰ ৰিয়ান মালহানে ১৩-১৫, ৬-১৫ত পৰাস্ত কৰে। অৱশ্যে, আন দুই ভাৰতীয়ৰ মাজত হোৱা খেলত টি জি ডাট্ট তালাছিলাই সতীর্থ সূর্যকাশ ৰাৱটক ১১-১৫, ১৫-৬, ১৫-১১ৰ ব্যৱধানত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে। ইফালে, মিক্সড ডাবলছত ভাৰতৰ ভাব্য চহাৱা আৰু বিশাখাই পোনপটীয়া ছেটত ডেনমার্কৰ যুটিক ১৫-১৩, ১৫-১১ত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। 

বিপৰীতে আন এখন মিক্সড ডাবলছৰ খেলত লালৰামছাংগা আৰু তাৰিণী শ্বুৰি ১৫-৬, ১৫-১০ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়। ইফালে, মহিলাৰ ডাবলছত ভাৰতীয় যুটি আনিয়া মেচ আৰু এঞ্জল পুনেৰাই তিনিটা ছেটৰ অন্তত ১৬-১৪, ১২-১৫,১৫-৫ৰ ব্যৱধানত চাইনিছ টাইপেক পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে। এই শাখাৰে আন এখন মেচত ভাৰতৰ ভেনেলা আৰু তেওঁৰ সংগী ৰেছিকাই ১৫-৮, ১৫-১০ৰ ব্যৱধানত জাপানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই অন্তিম ১৬ত প্ৰৱেশ কৰে। নিশালৈ ক'ৰ্টত নামিব ৰাৱট ভগ্নীদ্বয়ে। আনহাতে, ষষ্ঠ বাছনিৰ ভাৰ্গৱ ৰাম আৰু বিশ্ব তেজেও পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডৰ মেচ খেলিব।

Share This