ডিজিটেল ডেস্ক : অহা জুন মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্রীসভাখনৰ সম্প্ৰসাৰণ ঘটাব। ২৬ মে'ত বিধানসভাৰ অধিৱেশন সমাপ্ত হোৱাৰ পাছতেই দিল্লীলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দেখা কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ পাছতেই তেওঁ অসমলৈ ঘূৰি আহি জুনৰ প্ৰথম সপ্তাহতে মন্ত্রীসভাখনত নতুন সদস্যৰ অন্তৰ্ভুক্ত কৰিব। কিন্তু কোনে কোনে ড° শৰ্মাৰ মন্ত্রীসভাত স্থান লাভ কৰিব? ইয়াকে লৈ এতিয়া দিছপুৰ আৰু বাজপেয়ী ভৱনত ব্যাপক চৰ্চা আৰম্ভ হৈছে।
দলৰ এটা শীর্ষ সূত্ৰই প্ৰকাশ কৰা মতে, মন্ত্রীসভাখনত প্রথমে চাৰিগৰাকী সদস্যক অন্তৰ্ভূক্ত কৰাৰ পাছত বাকী সদস্য অন্তর্ভুক্ত কৰাৰ সন্দৰ্ভত এতিয়ালৈকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে কোনো আলোচনা কৰা নাই। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পচন্দ অনুসৰি মন্ত্রীসভাত নতুন সদস্যক অন্তর্ভুক্ত কৰিব। উল্লেখযোগ্য যে চাৰি মে'ৰ দিনা মুখ্যমন্ত্রী হিচাপে ড° শৰ্মাই শপত লোৱাৰ দিনাই বিজেপিৰ জ্যেষ্ঠ নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলী, কেইবাবাৰৰো মন্ত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগ, মিত্ৰদল অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰা আৰু মিত্ৰ দল বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। নিয়ম অনুসৰি অসম মন্ত্রীসভাত মুখ্যমন্ত্রীকে ধৰি মুঠ ১৯গৰাকী মন্ত্ৰী থাকিব পাৰে। এনে পৰিস্থিতিত খালী হৈ থকা বাকী ১৪টা মন্ত্রী পদক লৈ একাংশ বিধায়কৰ মাজত এতিয়া টোপনি নহা অৱস্থাৰ সৃষ্টি হৈছে। ইফালে, বিভিন্ন জাতি আৰু দল-সংগঠনে নিজ নিজ পচন্দৰ লোকক মন্ত্রিত্ব দিবলৈ দাবী উত্থাপন কৰিছে। আনকি বৰপেটা সত্ৰৰ সত্ৰাধিকাৰেও এইক্ষেত্ৰত ৰাজহুৱাকৈ দাবী উত্থাপন কৰা দেখা গৈছে। অৱশ্যে ড° শৰ্মাই পাৰদৰ্শিতা, বিশ্বাসযোগ্যতা আৰু কিছু পৰিমাণে জাতিগত-এই তিনিটা দিশ চাইহে মন্ত্রীসভাখন গঠন কৰাৰ সম্ভাৱনা আছে। দলীয় সূত্ৰটোৰ মতে, মিত্র দল অগপ আৰু ইউ পি পি এলক যোৱাবাৰ দুটাকৈ মন্ত্ৰীৰ পদ দিয়া হৈছিল। এইবাৰো মিত্রদলে দুটাকৈ মন্ত্ৰীৰ পদ লাভ কৰিব। ইতিমধ্যে অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ লগতে বি পি এফৰ বিধায়ক চৰণ বড়োক মন্ত্রিত্ব দিয়া হৈছে।
পৰৱৰ্তী সময়ত অগপৰ কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত আৰু বি পি এফৰ কোকৰাঝাৰৰ বিধায়ক শিউলি মহিলাৰীয়ে মন্ত্রিত্ব পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি বৰাক উপত্যকাৰ পৰা কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ডাঃ ৰাজদ্বীপ ৰায়ৰ ভিতৰত এজনে মন্ত্রিত্ব লাভ কৰিব। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং এইবাৰ মন্ত্রীসভালৈ আহিব পৰে। পূৰ্বৰ মন্ত্রীসভাত স্থান লাভ কৰা পীযূষ হাজৰিকা আৰু মিচিং জনগোষ্ঠীৰ ডাঃ ৰণোজ পেণ্ড, আশোক সিংহলৰ স্থান এইবাৰো নিশ্চিত। একেদৰে মহিলা হিচাপে অজন্তা নেওগক মন্ত্রিত্ব দিয়া হৈছে যদিও যদিহে দুগৰাকী দিবলগীয়া হয়, তেনেহ'লে মঙলদৈৰ বিধায়িকা নীলিমা দেৱীৰ ভাগ্য উদয় হ'ব পাৰে। ইফালে, নামনি অসমৰ প্ৰতিনিধি হিচাপে মন্ত্ৰিত্বৰ দাবীদাৰ হৈছে ক্রমে ভৱেশ কলিতা, জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু বিশ্বজিৎ দৈমাৰী। দলীয় সূত্ৰৰ মতে, জয়ন্ত মল্লবৰুৱা আৰু বিশ্বজিত দৈমাৰীয়ে মন্ত্রীসভাত স্থান পোৱাটো নিশ্চিত। ভৱেশ কলিতা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ মাজৰ এজনেহে মন্ত্রিত্ব পাব পাৰে। চাহ জনগোষ্ঠীৰ এইবাৰ ৰামেশ্বৰ তেলীয়ে মন্ত্রিত্ব লাভ কৰাৰ পাছত জনগোষ্ঠীটোৰ দ্বিতীয়গৰাকী কোনে মন্ত্রিত্ব লাভ কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে। এইক্ষেত্ৰত বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসে মন্ত্রিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে, চুতীয়া সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে বিমল বড়া আৰু আহোম জনগোষ্ঠীৰ সুশান্ত বৰগোহাঁয়ে মন্ত্রীসভাত স্থান পাব পৰে। দলীয় সূত্ৰৰ মতে, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন অথবা বিনোদ হাজৰিকাৰ মাজত কোনোবা এজনেহে স্থান পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইসকলৰ ভিতৰত মুখ্যমন্ত্ৰী ড° শর্মাই কাক মন্ত্রিত্ব দিয়ে সেয়াহে হ'ব লক্ষণীয়। কিন্তু যিমানে দিন গৈছে সিমানেই মন্ত্রিত্ব প্রত্যাশীসকলৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাবলৈ ধৰিছে।