মধ্য প্রদেশত ২৩ শিশুৰ মৃত্যুৰ ঘটনা, কফ ছিৰাপৰ মান পৰীক্ষাত অনিয়ম ২০২৪তে ধৰা পৰিছিল কেগৰ প্ৰতিবেদনত

dainik janambhumi October 11, 2025

ডিজিটেল ডেস্ক : বিষাক্ত কফ ছিৰাপ সেৱন কৰি মধ্য প্রদেশত ২৩টাকৈ শিশুৰ মৃত্যু হোৱাৰ বিষয়ত চলি থকা তদন্তত ঔষধৰ পৰীক্ষাৰ ক্ষেত্ৰত হোৱা ব্যাপক অনিয়ম পোহৰলৈ আহিছে। ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে (কেগ) যোৱা বৰ্ষত মধ্য প্ৰদেশৰ চিন্দৱাৰা জিলাত মেডিচিন ষ্ট'ৰসমূহত ব্যাপক অনিয়ম ধৰা পেলাইছিল আৰু সেই ঠাইতে এতিয়া শিশুবোৰৰ মৃত্যু হৈছে। ঔষধ নিয়ন্ত্রণক কর্তৃপক্ষই এই ক্ষেত্ৰত গুৰুতৰ অৱহেলা কৰাৰ অভিযোগ উঠিছে। 

আনহাতে, তামিলনাডুতো ঔষধৰ মান পৰীক্ষাত খুঁত থাকি গৈছিল বুলি সেই সময়ত কেগে প্রতিবেদন দিছিল। ঔষধৰ মান পৰীক্ষাৰ ক্ষেত্ৰত হোৱা এই অনিয়মৰ বিষয়টো এতিয়া চলোৱা তদন্তত পুনৰ পোহৰলৈ আহিছে। 

তামিলনাডুস্থিত শ্রেছান ফার্মাই প্ৰস্তুত কৰা কফি ছিৰাপ সেৱন কৰি মধ্য প্রদেশত ২৩টা শিশুৰ মৃত্যু হোৱাৰ পাছতহে চৰকাৰী কৰ্তৃপক্ষই চলোৱা তদন্তত পূৰ্বৰ অনিয়ম পোহৰলৈ আহিছে।

Share This