ডিজিটেল ডেস্ক : দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংগ্ৰহ কৰা টোলৰ বিৰুদ্ধে কালি সৰৱ হৈ পৰিল আম আদমি পার্টি (আপ)ৰ নেতা ৰাঘৱ চাড্ডা। ৰাজ্য সভাৰ শূন্যকালত কালি তেওঁ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলৰ সন্দর্ভত কয় যে টোল সংগ্রহ প্রক্রিয়া হ'ল প্রকৃততে এক 'সংগঠিত লুট'। অব্যৱস্থাপনা আৰু অত্যধিক মাচুলে সাধাৰণ যাত্ৰীৰ বাবে অসহনীয় বোজা কঢ়িয়াই আনিছে।
ৰাজ্য সভাত বিতৰ্কত ভাগ লৈ চাড্ডাই কয় যে জনতাৰ পৰা টোল কৰ সংগ্ৰহ এতিয়া এক অত্যাচাৰলৈ পৰ্যবসিত হৈছে। ভাৰতীয় জনতাই পথ ব্যৱহাৰৰ ক্ষেত্ৰত বর্তমানলৈকে আটাইতকৈ বৃহৎ কৰৰ বোজা ল'ব লগা হৈছে। তেওঁ আৰু কয় যে বর্ধিত যান-জঁট, অতি বেছি অব্যৱস্থাপনা আৰু বেছি লাভৰ অংকই পথচাৰীৰ বাবে টোল গেটৰ অভিজ্ঞতা অসুবিধাজনকৰ পৰা অন্যায়লৈ পৰিণত কৰিছে।
চাড্ডাই আৰু কয় যে জনসাধাৰণে গাড়ী একোখন ক্ৰয়ৰ সময়ত কৰ দিয়ে, আয়কৰ, পথ কৰ, আন্তঃগাঁথনি কৰ, বিশেষ আবকাৰী শুল্ক, ভেট আদি বিভিন্ন কৰ দিয়ে। ইয়াৰ ওপৰত আকৌ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোল কৰে জনতাৰ জীৱন দুর্বিষহ কৰি তোলা বুলি চাড্ডাই খেদ প্রকাশ কৰে।