ভাৰত আৰু কানাডাৰ মাজৰ উত্তেজনাপূর্ণ সম্পৰ্কৰ প্ৰভাৱ এইবাৰ জি-৭ শীর্ষ সম্মিলনতো পৰাটো স্পষ্ট হৈ পৰিছে। কানাডাই এইবাৰ শীৰ্ষ সম্মিলনলৈ ভাৰতক আমন্ত্রণ জনোৱা নাই। ফলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছবছৰৰ পাছত প্ৰথমবাৰৰ বাবে শীর্ষ সম্মিলনত উপস্থিত নাথাকিব।
উল্লেখযোগ্য যে শীর্ষ সন্মিলন ১৫-১৭ জুনলৈ কানাডাৰ আলবাৰ্টৰ কনানাস্কিছ ৰিজ'ৰ্টত আয়োজন কৰা হৈছে। শীর্ষ সম্মিলনত অংশগ্রহণ কৰাৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কার্নী প্রশাসনে প্রধানমন্ত্রী মোদীলৈ নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰা নাই। অৱশ্যে, নিমন্ত্রণ জনালেও প্রধানমন্ত্রী মোদী শীর্ষ সন্মিলনত অংশগ্ৰহণৰ কাৰণে কানাডালৈ যোৱাৰ সম্ভাৱনা নাই। ইয়াৰ কাৰণ হৈছে দুয়োখন দেশৰ মাজত চলি থকা তিক্ততাপূর্ণ সম্পর্ক।
সূত্রসমূহে এই কথা প্রকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ কানাডা ভ্ৰমণৰ বাবে বহুখিনি প্রস্তুতিৰ প্রয়োজন হ'ব। উল্লেখযোগ্য যে ২০২৩ চনত কানাডাৰ তেতিয়াৰ প্রধানমন্ত্রী জাস্টিন ট্রুডোবে খালিস্তানী সমৰ্থক হৰদীপ সিং নিজৰৰ হত্যাত ভাৰত জড়িত বুলি মন্তব্য কৰিছিল। ইয়াৰ পাছৰে পৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অতি উত্তেজনাপূর্ণ হৈ পৰে।
অৱশ্যে, এপ্রিলত দেশখনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত লিবাৰেল পাৰ্টিৰ জয় আৰু মার্ক কার্নীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দুয়োখন দেশৰ সম্পৰ্কত থকা তিক্ততা আঁতৰিব বুলি আশা কৰা হৈছিল, কিন্তু নতুন চৰকাৰে এই দিশত এতিয়ালৈকে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। শেহতীয়াকৈ ভাৰতৰ বিদেশ ম্যালয়ে কয় যে ভাৰতে কানাডাত থকা খালিস্তানী সমর্থকে সৃষ্টি কৰিব পৰা নিৰাপত্তাজনিত সমস্যাৰ বিষয়ে দেশখনত অহৰহ জনাই থকা হৈছে, আৰু হিংসা তথা বিচ্ছিন্নতাবাদৰ সৈতে জড়িত লোকক ৰাজনীতি স্থান দিব নালাগে বুলিও কোৱা হৈছে। কিন্তু কানাডাই ভাৰতৰ উদ্বেগ দূৰ কৰাৰ বাবে এতিয়ালৈকে কোনো পদক্ষেপ গ্রহণ কৰা নাই।
তদুপৰি দুয়োখন দেশত উচ্চায়ুক্তক পুনৰ বাহাল কৰাৰ বাবেও এতিয়ালৈকে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই। হিন্দুস্তান টাইমছে নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতি দি কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পুনৰ উন্নত কৰাৰ বাবে কৰিবলগীয়া আৰু বহুখিনি আছে। নতুন দিল্লী আৰু অটোৱাৰ মাজত ব্যক্তিগতভাৱে বাৰ্তাৰ আদান-প্রদান হ'লেও প্রধানমন্ত্রীয়ে জি-৭ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ আশা কম।